নিউজ ডেস্ক : উত্তৰ-পূবৰ ভিতৰতে গুৱাহাটী মহানগৰীৰ বাসিন্দাসকলে আটাইতকৈ প্ৰদূষিত বায়ু সেৱন কৰে। দিল্লীস্থিত থিং টেংক Centre for Science and Environment -ৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।

উক্ত প্ৰতিবেদনৰ মতে গুৱাহাটীৰ বায়ুৰ গুণগত মান উত্তৰ-পূবৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত। চলিত বৰ্ষত (৩০ নৱেম্বৰ পৰ্য্যন্ত) গুৱাহাটীৰ PM2.5 গড় স্তৰ ইতিমধ্যে ২০১৯ চনৰ বাৰ্ষিক গড় স্তৰ অতিক্ৰম কৰিছে।

উক্ত প্ৰতিবেদনৰ মতে চলিত বৰ্ষত এতিয়ালৈকে ৫৪ টা দিনৰ বায়ুৰ গুণগত মান ‘অত্যন্ত বেয়া’ বা ‘জটিল’ হিচাপে চিহ্নিত কৰা হৈছে।

গুৱাহাটীৰ পিছতে আগৰতলাৰ বায়ুৰ মান উত্তৰ-পূবৰ বাকী চহৰ সমূহৰ তুলনাত আটাইতকৈ বেয়া। নাগালেণ্ডৰ ৰাজধানী কোহিমা এই ক্ষেত্ৰত তৃতীয় স্থানত আছে।

লগতে পঢ়ক : গোৱালপাৰাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,784 other subscribers

Leave a comment

Leave a Reply