শশাংক তালুকদাৰ, পাঠশালা: যি সময়ত নিবনুৱা সমস্যাই সৰ্বকালৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে আৰু যুৱক-যুৱতীসকলে জীৱিকাৰ বাবে সংগ্ৰাম কৰি আছে, সেই সময়তে একাংশ যুৱক-যুৱতীয়ে YouTube-ৰ জৰিয়তে জীৱিকা অৰ্জনৰ পথ বিচাৰি লৈছে৷

তেনে এজন যুৱক হৈছে বজালী জিলাৰ পাঠশালাৰ দীপাংকু ভৰালী। নিজৰ দুটা YouTube চেনেলত দীপাংকুয়ে বিভিন্ন পৰ্যটনস্থলী আৰু দেশ-বিদেশৰ বিভিন্ন তথ্য শ্বেয়াৰ কৰে। ব্যক্তিগতখণ্ডৰ কোম্পানীত মাহে ৮ হাজাৰ টকা দৰমহাৰে কৰ্মজীৱন আৰম্ভ কৰা দীপাংকুয়ে এতিয়া প্ৰতিমাহে উপাৰ্জন কৰে ৪ৰ পৰা ৫ লাখ টকা।

অৱশ্যে আন বহুজনৰ দৰে ভৰালীয়েও যথেষ্ট ঘাত-প্ৰতিঘাতৰ মাজেৰে আহি আজিৰ এই স্থানত উপনীত হৈছে। প্ৰাইভেট চাকৰি এৰি এই নতুন যাত্ৰা আৰম্ভ কৰা ভৰালীৰ দুটা চেনেল হৈছে — ‘Unknown Mysteries Hindi‘ আৰু ‘Touropedia Hindi’, দুয়োটাতে বৰ্তমান ক্ৰমে ৪৫.৯ লাখ আৰু ১০.৬ ছাবচক্ৰাইবাৰ আছে। ক্ৰমে ২০১৭ আৰু ২০২০ চনত আৰম্ভ হোৱা দুয়োটা চেনেলেই YouTubeৰ পৰা দুটা সোণৰ প্লে’ বুটাম আৰু তিনিটা ৰূপৰ বুটাম লাভ কৰিছে।

তদুপৰি দুয়োটা YouTube চেনেলৰ বাবে ভৰালীয়ে সমগ্ৰ অসমত ২০জন কৰ্মচাৰী নিয়োগ কৰিছে।

‘এটা ব্যক্তিগত কোম্পানীত মাহে ৮ হাজাৰ টকা দৰমহাৰে জীৱন চলাই নিয়াটো মোৰ বাবে কঠিন আছিল। সেয়ে চাকৰি এৰি মোৰ পত্নী চন্দনা, আৰু মোৰ বন্ধু নয়নজ্যোতি তালুকদাৰৰ সহযোগত এটা YouTube চেনেল আৰম্ভ কৰো। নয়নজ্যোতিৰ YouTube-ত ‘Khaoni’ নামৰ এটা ফুড ব্লগ চেনেল আছে।’-ভৰালীয়ে কয়।

আগ্ৰহী যুৱক-যুৱতীসকলৰ প্ৰতি উদ্দেশ্যী দীপাংকুয়ে লগতে কয়, “ইউটিউব চেনেল এটা আৰম্ভ কৰিবলৈ, আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, স্থিৰ হ’ব লাগিব আৰু সময় দিব লাগিব।”

লগতে পঢ়ক – বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিনটো প্ৰতিবছৰে ৰাজ্যত ‘ছাত্ৰ দিৱস’ হিচাপে পালন কৰা হ’ব:মুখ্যমন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply