সমীৰ জামাতিয়া

নিউজ ডেস্ক : সাধাৰণতে নিমখ বুলি ক’লে সচৰাচৰ ব্যৱহাৰ কৰা বগা আৰু ক’লা নিমখৰ কথাই আমাৰ মনলৈ আহে। কিন্তু ত্ৰিপুৰাৰ এজন যুৱকে থলুৱাভাৱে প্ৰস্তুত কৰা এবিধ নিমখৰ ব্যৱসায় কৰি এতিয়া বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

থলুৱাভাৱে তৈয়াৰী এইবিধ নিমখ হৈছে বেম্বো ছল্ট (Bamboo salt) বা বাঁহৰ চুঙাত ভৰাই থোৱা নিমখ, ত্ৰিপুৰাৰ ককবৰক ভাষাত ইয়াক শ্ব’ম (Swom) বুলি কোৱা হয়। সাধাৰণতে এই নিমখবিধৰ আৰম্ভণি দক্ষিণ কোৰিয়াত হোৱা বুলি জনা যায়, দেশখনত ইয়াক জুকেয়ম (Jukyeom) হিচাপে জনা যায়।

বেম্বো ছল্টৰ ব্যৱসায়ত মনোনিৱেশ কৰা ত্ৰিপুৰাৰ গোমাতি জিলাৰ সমীৰ জামাতিয়া নামৰ যুৱকজনে যোৱা এক দশকতকৈ অধিক কাল ধৰি বাঁহ উদ্যোগৰ সৈতে জড়িত হৈ আছে।

এজন অতি দক্ষ বাঁহ বিশেষজ্ঞ (bamboo technologist) জামাতিয়াই চীনত গৈ বাঁহ প্ৰযুক্তিৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে বিগত সময়ছোৱাত তেওঁৰ ৰাষ্ট্ৰীয় বাঁহ অভিযান (National Bamboo Mission) আৰু বেম্বো ছ’চাইটি অৱ ইণ্ডিয়াৰ সৈতে কাম কৰাৰ অভিজ্ঞতা আছে।

উল্লেখযোগ্য যে বাঁহৰ ক্ষেত্ৰত ত্ৰিপুৰা এখন চহকী ৰাজ্য। ৰাজ্যখনত ২১ বিধ বিভিন্ন প্ৰজাতিৰ বাঁহ খেতি কৰা হয়। যোৱা সময়ছোৱাত জামাতিয়াই bamboo rice, bamboo tea, bamboo salt আদিৰ উপৰি বাঁহৰ পেলনীয়াখিনিৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ সৈতে জড়িত হৈ আহিছে।

২০০৯ চনত তেওঁ চীনত গৈ বাঁহৰে সামগ্ৰী তৈয়াৰ কৰাৰ ওপৰত এক ডিপ্লমা পাঠ্যক্ৰম গ্ৰহণ কৰি আহে।

উল্লেখযোগ্য যে বেম্বো ছল্টৰ ঔষধি গুণো আছে, দাঁতৰ বিষ, আলচাৰ আদি বিভিন্ন ৰোগ প্ৰশমনৰ বাবে এইবিধ নিমখ ব্যৱহাৰ কৰিব পাৰি। প্ৰায় ১০০০ বছৰ পৰ্বে কোৰিয়াত সেইসময়ৰ চিকিৎসক আৰু ভিক্ষুসকলে বিভিন্ন বেমাৰৰ চিকিৎসাৰ বাবে বেম্বো ছল্ট ব্যৱহাৰ কৰিছিল।

জামাতিয়াই জনোৱা মতে আনকি এইবিধ নিমখ ব্যৱহাৰ কৰি চুলি সৰা সমস্যা, গাৰ পৰা দুৰ্গন্ধ ওলোৱা, ছাইনাছাইটিছৰ সমস্যা আদিৰ পৰা হাত সাৰিব পাৰি। ইয়াৰ উপৰি ছালত বেম্বো ছল্ট ঘঁহিলে বা বেম্বো ছল্ট মিহলোৱা পানীৰে স্থান কৰিলে ছাল ভাল হয়।

ইমান বিলাক ঔষধী গুণ সম্পন্ন এইবিধ নিমখৰ যথেষ্ট বজাৰ চাহিদা আছে। সেয়ে প্ৰতি কিলো বেম্বো ছল্টৰ মূল্য ১,২০০ টকা আৰু কেতিয়াবা তাতোকৈ অধিক হয়।

লগতে পঢ়ক : সাপেখাটি জাতীয় বিদ্যালয়ৰ নৱনীতা চুতীয়ালৈ “শিক্ষাজ্যোতি বঁটা”

কিদৰে প্ৰস্তুত কৰা হয় বেম্বো ছল্ট?

তিনি বছৰ বয়সৰ বাঁহ গছৰ চুঙাত আমি ব্যৱহাৰ কৰা সাগৰীয় নিমখ ভৰাই ইয়াক তৈয়াৰ কৰা হয়। নিমখিনি ভৰোৱাৰ পিছত চুঙাটোৰ মুখখন ৰঙা মাটিৰে লেপি বন্ধ কৰি দিয়া হয়। তাৰ পিছত খৰিৰ জুইত ১,০০০ৰ পৰা ১,৫০০ ডিগ্ৰী চেলচিয়াচত ১০ ঘণ্টা ধৰি গৰম কৰা হয়। যিমানে ঘনাই ঘনাই ইয়াক এইদৰে তাপ দি থকা হয় সিমানেই তাৰ ঔষধী গুণ বৃদ্ধি পায়।

ইংৰাজীত পঢ়ক : This Tripura entrepreneur wants us to use bamboo salt. Here’s why

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Join the Conversation

1 Comment

Leave a comment

Leave a Reply Cancel reply