নিউজ ডেস্ক : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চুবুৰীয়া দেশৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠনে ভাৰতৰ মাটিত কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে, চোৰাংচোৱা বিভাগৰ সূত্ৰত প্ৰকাশ।
চোৰাংচোৱা বিভাগৰ পৰা খবৰৰ পিছতে ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে ‘হাই এলাৰ্ট’ জাৰি কৰিছে বুলি শনিবাৰে এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰে।
‘ভাৰত-বাংলাদেশ সীমান্তত অসম আৰু পশ্চিমবংগৰ কুচবিহাৰ জিলাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু যিকোনো ধৰণৰ অবাঞ্ছিত পৰিস্থিতি সৃষ্টি কৰিব খোজা শক্তিক কঠোৰ হাতেৰে দমন কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে,’ বি এছ এফৰ আঞ্চলিক মুখ্য কাৰৰ্য্যালয়ৰ উপ মহা পৰিদৰ্শক শৈলেন্দ্ৰ কুমাৰ সিনহাই কয়।
বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত ‘অপাৰেশ্যন এলাৰ্ট’ জাৰি কৰিছে বুলি উল্লেখ কৰি ১৬ আগষ্টলৈকে ইয়াক বাহাল ৰখা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
বাংলাদেশৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আৰু চুবুৰীয়া দেশৰ সীমান্তৱৰ্তী ৰাজ্যত থকা ভাৰতৰ বিদ্ৰোহী সংগঠনৰ সমূহে চলাই থকা কুচকাৱাজৰ পৰিপ্ৰেক্ষিতত এই অপাৰেশ্যন আৰম্ভ কৰা হৈছে বুলি তেওঁ লগতে জনায়।
লগতে পঢ়ক : বিমান বন্দৰ আদানী গ্ৰুপক হস্তান্তৰ কৰিবলৈ দিয়া নহ’ব: লুৰীণজ্যোতি গগৈ