মৰিগাঁও : মৰিগাঁৱৰ তিনিটাকৈ অঞ্চল কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিলে জিলা প্ৰশাসনে। জিলাখনত ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। জিলাখনৰ পৰিস্থিতি ভয়াবহ হৈ উঠাত জিলা প্ৰশাসন অধিক তৎপৰ হৈ উঠিছে। ইতিমধ্যে জিলাখনৰ তিনিটা অঞ্চল প্ৰশাসনৰ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।
দেশত অব্যাহত আছে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱ। প্ৰতিদিনে দেশত কেইবা লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। বিগত তিনিদিন ধৰি দেশত ধাৰাবাহিকভাৱে ক’ভিড আক্রান্তৰ সংখ্যাই ৪ লাখ অতিক্ৰম কৰিছে।
ইতিমধ্যে দেশত যোৱা ২৪ ঘণ্টাত ক’ভিড আক্রান্ত ৰোগীৰ মৃত্যুৰ সংখ্যাই সকলো ৰেকৰ্ড ভংগ কৰি ৪ হাজাৰ অতিক্ৰম কৰিছে শুকুৰবাৰৰ দিনটোত। দেশৰ অন্যান্য ৰাজ্য সমূহৰ লগতে অসমতো ক্ৰমাৎ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। কামৰূপ মহানগৰ জিলাৰ অৱস্থা শোচনীয় হোৱাৰ দিশত।
কামৰূপ লগতে মৰিগাঁৱতো ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰি আক্রান্তৰ সংখ্যা। মৰিগাঁৱত ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাত জিলা প্ৰশাসনে জাগীৰোডৰ নিজৰাপাৰ, কিশোৰ ক্লাব আৰু চৰাইবাহী অঞ্চল কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে। জিলাখনত বৰ্তমানলৈকে ১২২৩ জন লোকৰ শৰীৰত ক’ভিড ধৰা পৰাৰ বিপৰীতে ২ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে।