গুৱাহাটী : অসমৰ মীন বিভাগে হাইদৰাবাদত অৱস্থিত ৰাষ্ট্ৰীয় মীন উন্নয়ন বোৰ্ডৰ পৰা তিনিটাকৈ বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছে। অনুপ কুমাৰ শৰ্মাই পাহাৰীয়া আৰু উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ মীন পালকৰ বঁ‌টা লাভ কৰিছে। এই বঁ‌টাত এখন মানপত্ৰ, শ্বল,স্মাৰকৰ লগতে দুই লাখ টকাৰ আৰ্থিক পুৰস্কাৰ সন্নিৱিষ্ট আছে।

কামৰূপ মহানগৰ জিলাৰ কলং-কপিলী সমবায় সমিতি লিমিটেডে শ্ৰেষ্ঠ মীন সমবায় সমিতি বিবেচিত হৈছে। এই বঁ‌টাত আছে এখন মানপত্ৰ, এখন শ্বল, এটা স্মাৰকৰ লগতে দুই লাখ টকাৰ আৰ্থিক পুৰস্কাৰ।
পাহাৰীয়া আৰু উত্তৰ-পূৱৰ জিলাসমূহৰ ভিতৰত বঙাইগাওঁ‌ জিলা শ্ৰেষ্ঠ জিলাৰ সন্মান লাভ কৰিছে। ইয়াৰ বাবে এখন মানপত্ৰ, এখন শ্বল, এক স্মাৰক আৰু তিনি লাখ টকাৰ আৰ্থিক পুৰস্কাৰ লাভ কৰিব।

এই পুৰস্কাৰসমূহ বিশ্ব মীন দিৱস উপলক্ষে উৰিষ্যাৰ ভুৱনেশ্বৰত অৱস্থিত উৰিষ্যা সচিবালয়ৰ কনভেনচন কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ’ব। মৎস্যপালন, পশুপালন আৰু ডেয়ৰীৰ কেন্দ্ৰীয় মন্ত্ৰী পুৰষোত্তম ৰূপালা, মৎস্যপালন, পশুপালন আৰু ডেয়ৰীৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগান আৰু মীন বিভাগৰ সচিব ড° সঞ্জীব কুমাৰ বাল্যন, যতীন্দ্ৰ নাথ স্বেইন আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে এই পুৰস্কাৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

লগতে পঢ়ক : গণসংগ্ৰামৰ জৰিয়তে লক্ষ্যপ্ৰাপ্তি সম্ভৱ, কৃষক আন্দোলনে প্ৰমাণ কৰিলে: অজাপ

ইতিমধ্যে, অসম চৰকাৰৰ মীন,পৰিৱেশ আৰু বন, আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বঁ‌টা বিজেতাসকল আৰু বঙাইগাঁ‌ও জিলাৰ মীন বিষয়াসকলক ৰাজ্যলৈ এই সন্মান কঢ়িয়াই অনা বাবে অভিনন্দন জ্ঞাপন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply