গোৱালপাৰা : ধুমুহা-বৰষুণত ভাঁহি উঠিল ব্ৰহ্মপুত্ৰত সন্ধানহীন দুই কিশোৰৰ মৃতদেহ। মুক্তাৰ হুছেইন আৰু শ্বাহানুৰ ইছলাম নামৰ দুই কিশোৰৰ মৃতদেহ দুপৰীয়াৰ ভাগত অহা ধুমুহা-বৰষুণৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত ভাঁহি উঠাৰ পিছতে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে।

গোৱালপাৰাৰ কাছাৰীঘাটত বুধবাৰে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰ নদীৰ পানীত ডুব যোৱা তিনি কিশোৰৰ মৃতদেহ বৃহস্পতিবাৰে উদ্ধাৰ হয়। এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে বুধবাৰৰ পৰা অভিযান চলাই অৱশেষত আজি উদ্ধাৰ কৰে তিনিওজন কিশোৰৰ মৃতদেহ।

দুপৰীয়াৰ ভাগত এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ অভিযানত প্ৰথমে উদ্ধাৰ হয় নবী হুছেইনৰ মৃতদেহ ইয়াৰ পিছতে প্ৰচণ্ড ধুমুহা-বৰষুণ আৰম্ভ হয়। ধুমুহা-বৰষুণৰ বাবে অভিযান কিছু সময়ৰ বাবে বন্ধ কৰা হয়। অভিযান বন্ধ হৈ থকা সময়তে নদীৰ ঢৌত মুক্তাৰ হুছেইন আৰু শ্বাহানুৰ ইছলামৰ মৃতদেহ নদীত ভাঁহি উঠে।

লগতে পঢ়ক : হাফ পেণ্ট পিন্ধাৰ বাবেই পৰীক্ষাত বহিব নিদিলে এগৰাকী যুৱতীক

পিছত এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ দলে মুক্তাৰ হুছেইন আৰু শ্বাহানুৰ ইছলামৰ মৃতদেহ উদ্ধাৰ কৰি পাৰলৈ আনে। বুধবাৰে নবী হুছেইন, মুক্তাৰ হুছেইন আৰু শ্বাহানুৰ ইছলাম নামৰ কিশোৰ তিনিজন গৰমৰ পৰা ৰক্ষা পাবলৈ ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ নদীত সন্ধানহীন হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,331 other subscribers

Leave a comment

Leave a Reply