সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই বড়োলেন্ডৰ শাসন ভাৰ লবলৈ সাজু থকা বিপিএফত খহনীয়া অব্যাহত আছে ।
শাসনাধীস্থ ইউ পি পি এলত আজি যোগদান কৰে তিনিজনকৈ পাৰিষদে ।
বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ উপস্থিতিত যোগদান কৰে বিপিএফৰ তিনিজনকৈ পাৰিষদে ।
ইউ পি পি এলত যোগদান কৰা পাৰিষদ কেইজন হল অমৰ বসুমতাৰী, প্ৰভাত বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰী ।
এই তিনিজন পাৰিষদে হাগ্ৰামা মহিলাৰীৰ সংগ ত্যাগ কৰাৰ ফলত বড়োলেন্ডত চৰকাৰ গঠনৰ আশাও শেষ হয় ।