গুৱাহাটীঃ মঙলদৈৰ ঘটনাৰ বিতৰ্ক চলি থকাৰ মাজতে ব্ৰাহ্মণ সমাজৰ আন এক ক’লা অধ্যায় পোহৰলৈ আহিছে।এইবাৰ কামৰূপৰ বাইহাটা চাৰিআলিত সংঘটিত হৈছে মানৱ সমাজক লজ্জ্বানত কৰা আন এক ঘটনা। অন্য জাতিৰ ছোৱালী বিয়া পতাৰ বাবেই তিনিটা ব্রাহ্মণ পৰিয়ালক অপৰাধ গণ্য কৰি এঘৰীয়া কৰা হৈছে।
বাইহাটাৰ আগডলা গাঁৱত এচাম ধর্মান্ধ লোকৰ এনে কাণ্ডত স্তম্ভিত হৈ পৰিছে সচেতন লোক। ভুক্তভোগী পৰিয়ালৰ লোকসকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে যে, সমাজৰ লগত থাকিবলৈ হ’লে তিনিওটা পৰিয়ালে দিব লাগিব বৃহৎ অংকৰ ধন। ইতিমধ্যে তিনিওটা পৰিয়ালকে ২০,০০০ টকাকৈ জৰিমনা দাবী কৰা হৈছে।
কিন্তু ব্রাহ্মণ সমাজে দাবী কৰা ধন দিব নোৱাৰাৰ বাবেই তিনিওটা পৰিয়ালক এঘৰীয়া কৰি ৰখা হৈছে। ঘটনা সন্দৰ্ভত ভুক্তভোগী তিনিওটা পৰিয়াল সংবাদমাধ্যমৰ কাষ চাপিছে। লগতে ভুক্তভোগী পৰিয়ালকেইটাই সমগ্ৰ বিষয়টো উপায়ুক্তক অৱগত কৰাৰো সিদ্ধান্ত লৈছে।