নালবাৰী : এইবাৰ নলবাৰীৰ শিক্ষানুষ্ঠানত ক’ভিড আতংক। নলবাৰীৰ ছোৱালী শিক্ষাৰ প্ৰাণকেন্দ্ৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠত ক’ভিড আতংক।
নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠত তিনিগৰাকীৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠৰ দুগৰাকী শিক্ষয়িত্ৰী ক’ভিডত আক্রান্ত হৈছে।
লগতে পঢ়ক : মহানগৰীত পিষ্টল দেখুৱাই কাঢ়ি নিলে ৪ লাখ টকা
বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীৰ দেহতো ধৰা পৰিছে ক’ভিড। ৭ দিনলৈ বিদ্যালয়খন বন্ধ ৰখাৰ সিদ্ধান্ত বিদ্যালয় কৰ্তৃপক্ষৰ। ১৬ ডিচেম্বৰ বৃহস্পতিবাৰৰ পৰা ২২ ডিচেম্বৰ বুধবাৰলৈ বন্ধ থাকিব বিদ্যালয়খনৰ পাঠদান।