বকো : কামৰূপ জিলাৰ বকোত তিনিখনকৈ চোৰাং গৰু ভৰ্তি গাড়ী জব্দ। সোমবাৰে পুৱাৰ ভাগত ৰাভা ছাত্ৰ সন্থাই জব্দ কৰে চোৰাং গৰু ভৰ্তি গাড়ী তিনিখন।
ৰাজ্যৰ অব্যাহত চোৰাং গৰুৰ সৰবৰাহ। এইবাৰ কামৰূপ জিলাৰ বকোত জব্দ কৰা হয় তিনিখনকৈ চোৰাং গৰু ভৰ্তি গাড়ী। এএছ-০১-ইচি-০৫৭২, এএছ-২৫-ডিচি-৯৭৫০ আৰু এএছ-২৫-এচি-৪৬৬৩ নম্বৰৰ তিনিখন গৰু ভৰ্তি ডি আই গাড়ী ৰাভা ছাত্ৰ সন্থাই জব্দ কৰে।
লগতে পঢ়ক : দেউচুঙাত বন্যহস্তীয়ে ভাঙিলে ৩টাকৈ পৰিয়ালৰ বাসগৃহ
ডি আই গাড়ী তিনিখনত মুঠ ৩৭ টাকৈ গৰু আছিল। বকোৰ হেকেৰা-চুকুনীয়াপাৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাভা ছাত্ৰ সন্থাই গৰু ভৰ্তি গাড়ী কেইজন জব্দ কৰে। অৱশ্যে গৰু ভৰ্তি গাড়ী তিনিখনৰ চালক সকল পলায়ন কৰিবলৈ সক্ষম হয়।