বাক্সাঃ বাক্সাৰ শালবাৰী আৰক্ষীৰ জালত পৰিল ঝাৰখণ্ডৰ চাইবাৰ অপৰাধীৰ এটা গেং ৷ আটকাধীন লোককেইজন ঝাৰখণ্ডৰ অভিশেখ দাস, আপ্পু কুমাৰ দাস আৰু নন্দন দাস।

আটকাধীন অভিশেখ দাস, আপ্পু কুমাৰ দাস আৰু নন্দন দাসে ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) Yono সেৱা সক্ৰিয়কৰণৰ বাবে নিজকে বেংকৰ বিষয়া বুলি পৰিচয় দি ভুৱা ফোনকলেৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিভিন্ন উপভোক্তাৰ একাউণ্টৰ পৰা ধন লুট কৰি আহিছিল।

উল্লেখ্য যে, বাক্সা জিলাৰ শিমলাৰ বিৰফুং গয়াৰী নামৰ এজন ব্যক্তিৰ পৰা কেইদিনমান পূৰ্বে এই গেংটোৱে ভুৱা ফোনকলেৰে SBI YONO এক্টিভ কৰি দিয়াৰ কথা কৈ বিশেষ কায়দাৰে তথ্য সংগ্ৰহ কৰি সৰকাইছিল ২২ হেজাৰ পাঁচশ টকা ৷ ইয়াৰ পাছতে ব্যক্তিজনে শিমলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু তেখেতৰ এজাহাৰৰ ভিত্তিতে শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰি অৱশেষত ঝাৰখণ্ড আৰক্ষীৰ সহযোগত জামতাৰা জিলাৰ ছিটাকাটা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে তিনিওকে৷

শুকুৰবাৰে ঝাৰখণ্ডৰ পৰা শিমলা থানালৈ অনা হয় তিনি অপৰাধীক ৷ এই তিনি অপৰাধীয়ে অসমৰ বিভিন্ন জিলাৰ ভিন্ন ব্যক্তিৰ পৰা ইতিমধ্যে বহু টকা সৰকাইছিল বুলি জনাইছে আৰক্ষীয়ে ৷ শিমলা আৰক্ষীৰ জিম্মাত থকা এই তিনি অপৰাধীক আজি আদালতত হাজিৰ কৰি পুনৰ আৰক্ষীয়ে জিম্মাত বিচাৰিব বুলিও জানিব পৰা গৈছে ৷ আনহাতে ৰাইজক এনে ভুৱা ফোনকলৰ পৰা সজাগ হৈ থাকিবলৈ আৰক্ষীয়ে আহ্বান জনোৱাৰ লগতে কোনোবা ব্যক্তি এনে ঘটনাৰ বলি হ’লে তাৎক্ষণিকভাৱে আৰক্ষীক অৱগত কৰিবলৈকো আহ্বান জনাইছে ৷   

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply