যোৱা নিশা চোৰাংচোৱাৰ অভিযানত মৰিগাওঁ আৰক্ষীয়ে তিনিজনকৈ চাইবাৰ অপৰাধীক আটক কৰে। ধৃত চাইবাৰ অপৰাধী তিনিটাৰ নাম ক্ৰমে ইছাহাক আলী, ৰাববুল ইছলাম আৰু গিয়াছ উদ্দিন।

জানিব পৰা মতে, আটক হোৱা তিনিওজনৰ ঘৰ মৈৰাবাৰীৰ সগুনবাঁহী গাঁৱত।

অভিয়ানকাৰী দলে অভিয়ান চলাই ইছাহাক আলীৰ ঘৰৰ পৰা ১৭২০খন ছীম কাৰ্ড, এখন AS-02A-H5609 নম্বৰৰ পালছাৰ বাইক আৰু ১১টা মোবাইল ফোন জব্দ কৰে। VDP’ৰ সভাপতিৰ ঘৰত উদ্ধাৰ চাইবাৰ অপৰাধত ব্যৱহৃত চিম কাৰ্ড।

আনহাতে, ৰাববুল ইছলাম আৰু গিয়াছ উদ্দিনৰ ঘৰত তালাচী চলাই যদিও আৰক্ষী অহাৰ উমান পাই অবৈধ সামগ্ৰীসমূহ লুকুৱাই দিয়া বুলি সন্ধেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে, মৈৰাবাৰী আৰক্ষীয়ে আটক হোৱা তিনিওজনক সোধা–পোছা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply