গুৱাহাটী : গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী প্রশিক্ষণ মহাবিদ্যালয়ত পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ উদ্যোগত আয়ােজিত বিভাগটোত খণ্ড উন্নয়ন বিষয়া হিচাপে নতুনকৈ যােগদান কৰা অসম অসামৰিক সেৱা আৰু অসম ভূমি আৰু ৰাজহ সেৱাৰ বিষয়াসকলৰ এক প্রশিক্ষণ কার্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰি পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এই মন্তব্য কৰি কয় যে পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ আঁচনিসমূহৰ সুফল যাতে সম্পূর্ণভাৱে প্রকৃত হিতাধিকাৰীয়ে লাভ কৰে সেয়া বিষয়াসকলে নিশ্চিত কৰিব লাগিব।
বিভাগটোত নতুনকৈ নিযুক্ত বিডিঅ’সকলক এই আহ্বান জনাই মন্ত্রী গৰাকীয়ে লগতে কয় যে পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ আঁচনিসমূহ নির্ধাৰিত সময়ৰ ভিতৰত ৰূপায়ণ কৰিব লাগিব আৰু বিষয়াসকলে কোনাে কাৰণতে দুর্নীতি, স্বজন-তােষণত প্রশ্রয় দিব নালাগিব। পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ অধীনত ৰাজ্যখনৰ বিভিন্ন উন্নয়ন খণ্ডত খণ্ড উন্নয়ন বিষয়া হিচাপে যােগদান কৰা এই বিষয়াসকলে বিভাগটোৰ আঁচনি সমূহৰ ৰূপায়ণৰ কাম-কাজৰ গতি অধিক তৰান্বিত কৰি গ্রামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব লাগিব বুলি তেওঁ কয়। উল্লেখ যে, ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত মর্মে, অসম অসামৰিক সেৱাৰ ৪০ গৰাকী আৰু অসম ভূমি আৰু ৰাজহ সেৱাৰ ৩০ গৰাকী বিষয়াক পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ অধীনত ৰাজ্যখনৰ বিভিন্ন উন্নয়ন খণ্ডত খণ্ড উন্নয়ন বিষয়া (বিডিঅ’) হিচাপে নিয়ােগ কৰা হৈছে।
বিডিঅ’ হিচাপে যােগদান কৰা বিষয়াসকলক আদৰণি জনাই পঞ্চায়ত আৰু গ্রামােন্নয়ন মন্ত্রী গৰাকীয়ে কয় যে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে প্ৰশাসনীয় ব্যৱস্থাত সংস্কাৰ সাধনৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে আৰু এই পদক্ষেপৰ এক অংশ হিচাপে অসম অসামৰিক সেৱাৰ বিষয়া আৰু অসম ভূমি ৰাজহ সেৱাৰ বিষয়াক বিডিঅ’ হিচাপে নিয়ােগ কৰা হৈছে। গ্রামাঞ্চলৰ জনসাধাৰণ এইসকল বিষয়াকলৈ আশাবাদী বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, বিষয়াসকলে অতি নিষ্ঠা আৰু দায়বদ্ধতাৰে গ্রামাঞ্চলৰ উন্নয়নৰ বাবে সেৱা আগবঢ়াব লাগিব। কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি সমূহ ফলপ্রসূভাৱে ৰূপায়ণ কৰি উন্নয়নৰ জৰিয়তে বিষয়াসকলে গ্রামাঞ্চালৰ চিত্ৰ সলনি কৰিব লাগিব। বিভাগটোত আৰু অধিক সংস্কাৰ সাধনৰ বাবে পদক্ষেপ লােৱা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে নৱ-নিযুক্ত এই বিডিঅ’সকলক বিভাগটোৱে ছিনিয়ৰ বিডিঅ’ৰ মৰ্যদা প্রদান কৰি ভৱিষ্যতে আৰু অধিক দায়িত্ব অর্পণৰ পৰিকল্পনা লৈছে।
ভাৰতবৰ্ষৰ আত্মা গাঁৱতেই থকা বুলি মহাত্মা গান্ধীয়ে কৰা মন্তব্যৰ কথা উল্লেখ কৰি মন্ত্রী গৰাকীয়ে কয় যে, অসমৰ গ্রামাঞ্চলৰ উন্নয়ন সাধন তথা পঞ্চায়ত সমূহক শক্তিশালী কৰি তােলাৰ ক্ষেত্ৰত বিডিঅ’সকলে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব লাগিব। বিভাগটোৰ প্ৰতিখন আঁচনিয়ে সফল ভাৱে ৰূপায়ণ কৰিব লাগিব। খণ্ড উন্নয়ন বিষয়াৰ কার্যালয় সমূহক আদর্শ কার্যালয় হিচাপে গঢ়ি তােলাৰ বাবে আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে কয় যে বিভাগটোৰ সকলাে বিষয়া-কৰ্মচাৰীয়ে একে লগে এটা টীম হৈ কাম কৰাৰ মানসিকতা গঢ়ি তুলিব লাগিব। অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে আশা প্রকাশ কৰে, এইসকল বিষয়াই নিষ্ঠা আৰু দায়বদ্ধতাৰে সেৱা আগবঢ়াই গ্রামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ লগতে বিভাগটোলৈও সুনাম কঢ়িয়াই আনিব লাগিব।
লগতে পঢ়ক : সোণাৰিত মাৰণাস্ত্ৰসহ তিনি NSCN(IM)ৰ উগ্ৰপন্থী সদস্য আটক
উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হােৱা তিনিদিনীয়া এই প্রশিক্ষণত বিষয়াসকলক পঞ্চায়তী ৰাজ ব্যৱস্থা, পঞ্চায়ত আইন, সু-শাসন আৰু নাগৰিক চনদ, প্রধানমন্ত্রী আৱাস যােজনা-গ্রামীণ, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিত আঁচনিকে ধৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি, দক্ষতা বিকাশ আৰু আত্মনিৰ্ভৰ ভাৰত, সামাজিক খণ্ডৰ আঁচনি আদিৰ লগতে প্রশাসনীয় আৰু বিত্তীয় নীতি-নিয়মৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ প্রশিক্ষণ প্রদান কৰা হ’ব। অনুষ্ঠানত পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঃ জে.বি.এক্কাই তেওঁৰ ভাষণত নতুনকৈ বিডিঅ’হিচাপে বিভাগটোত যােগদান কৰা বিষয়াসকলক তেওঁলােকে কর্মক্ষেত্রত পালন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ আভাস দিয়ে।