মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাবাসীৰ বাবে এট ভাল খবৰ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ক’ভিড ভেকচিন নোপোৱা লোক সকলৰ বাবে স্বাস্থ্য বিভাগে হাতত লৈছে এক বিশেষ পদক্ষেপ।জিলাখনত শনিবাৰৰ পৰা তিনি দিনৰ বাবে বিশেষ ভেকচিন অভিযান কাৰ্যসূচী আৰম্ভ কৰা হৈছে।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত স্বাধীনতা দিৱসৰ দিনাও ৰাইজে পুৱা ৮ বজাৰ পৰাই ভেকচিন কেন্দ্ৰৰলৈ গৈ গ্ৰহণ কৰিব পাৰিব বিনামূলীয়া ক’ভিড ভেকচিন। উল্লেখযোগ্য যে দেশত ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ আত ধৰি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৰাইজৰ বাবে জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ জৰিয়তে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
জিলাখনৰ বিভিন্ন প্ৰান্তত থকা মুঠ ৩০ টা ক’ভিড ভেকচিন কেন্দ্ৰত তিনি দিনৰ বাবে পৰ্যাপ্ত পৰিমাণে ভেকচিন মজুত থকাৰ লগতে তিনিটা মোবাইল ভেকচিন বাহনৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ১৪, ১৫ আৰু ১৬ আগষ্টত জিলাবাসীয়ে ক’ভিড ভেকচিনৰ বাবে চিন্তা কৰিব নালাগে।
পূৰ্বে ৰাইজে ভেকচিনৰ অভাৱত ভেকচিন কেন্দ্ৰৰ পৰা উভতি আহিবলগীয়া হৈছিল যদিও শনিবাৰৰ পৰা আৰম্ভ হোৱা এই বিশেষ ভেকচিন অভিযান কাৰ্যসূচীৰ ফলত জিলাখনত প্ৰায় ২০ হেজাৰ ভেকচিনৰ ব্যৱস্থা কৰা হয়। দেওবাৰে স্বাধীনতা দিৱসৰ দিনাও ভেকচিন কেন্দ্ৰ সম্পূৰ্ণৰূপে খোলা থাকিব। জিলাখনৰ দায়িত্বত থকা উপায়ুক্ত এইচ এন গৌতম জিলাবাসী ৰাইজক ভেকচিন ল’বলৈ আহ্বান জনাইছে।
লগতে পঢ়ক : চুবুৰীয়া ৰাজ্য সমূহৰ লগত থকা সীমা বিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নতুন তথ্য
উল্লেখ্য যে জিলাখনত মুঠ ৩ লাখ লোকক ক’ভিড ভেকচিন প্ৰদানৰ লক্ষ্য লোৱা হৈছে যদিও এতিয়ালৈ ১ লাখ ৪৮ হেজাৰ লোকক এই ভেকচিন প্ৰদান কৰা হৈছে। জিলাখনত ভেকচিনৰ হাৰ সমগ্ৰ দেশৰ ভিতৰত নিম্নগামী আছিল যদিও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ তৎপৰতাত বৰ্তমানে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ভেকচিনৰ হাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।