মানকাচৰ : ক’ভিড ভেকচিন লোৱা লোকে লাভ কৰিছে তিনি দিনৰ খাদ্য সামগ্ৰী। দিন হাজিৰা কৰা লোক সকলে ক’ভিড ভেকচিন ল’বলৈ আহিলে এদিনৰ উপাৰ্জন বন্ধ হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি মাৰোৱাৰী যুৱ মঞ্চৰ মানকাচৰ শিখৰ শাখাই বিশেষ পদক্ষেপ গ্ৰহণ কৰি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ ক’ভিড ভেকচিন চেন্টাৰত ভেকচিন ল’বলৈ অহা লোক সকলক তিনি দিনৰ খাদ্য সামগ্ৰী বিতৰণ কৰিছে। বেচৰকাৰী সন্থাটোৰ এই বিশেষ পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সন্থাটোৰ এই পদক্ষেপক প্ৰশংসা কৰিছে ৰাইজে।
উল্লেখ্য যে সমগ্ৰ দেশৰ ভিতৰত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ক’ভিড ভেকচিনৰ হাৰ নিম্নগামী হোৱাত জিলা প্ৰশাসনে ভেকচিনৰ হাৰ বৃদ্ধি কৰিবলৈ বিভিন্ন ধৰণৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ইফালে একাংশ দৰিদ্ৰ লোক দিন হাজিৰা কৰি পৰিয়ালক পোহপাল দিয়ে যদিও এনে দিন হাজিৰা কৰা লোক ক’ভিড ভেকচিন ল’বলৈ আহিলে তেওঁলোকৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰাৰ ফলত পৰিয়ালটো অনাহাৰে থাকিবলগীয়া হয়। এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি মাৰোৱাৰী যুৱ মঞ্চৰ মানকাচৰ শিখৰ শাখাই মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী এলেকাত থকা সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ ভেকচিন চেন্টাৰত ভেকচিন লোৱা লোক সকলক চাউল, দাইল, মিঠাতেল, আমুলকে ধৰি তিনি দিনৰ খাদ্য সামগ্ৰী বিতৰণ কৰিছে।
লগতে পঢ়ক : তেজপুৰত চফটচীডৰ উদ্যোগত ছেনিটাইজেচন কাৰ্যসূচী
যোৱা ১১ জুনৰ পৰা মাৰোৱাৰী যুৱ মঞ্চই এইদৰে এই কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। প্ৰতিদিনে সীমান্ত চেতনা মঞ্চয়ত ভেকচিন ল’বলৈ অহা প্ৰায় অৰ্ধ শতাধিক লোকক খাদ্য সামগ্ৰী বিতৰণ কৰাত জিলাখনত মাৰোৱাৰী যুৱ মঞ্চই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। একেদৰে মানকাচৰৰ কুচনিমাৰী-জোৰডাঙা আদৰ্শ গাওঁ পঞ্চায়ততো ভেকচিনৰ হাৰ বৃদ্ধি কৰিবলৈ পঞ্চায়ত সভানেত্ৰী বিউটি হালিমা মণ্ডলে বিগত প্ৰায় তিনি দিন ধৰি ভেকচিন লোৱা প্ৰতিজন লোকক পাঁচ কেজিকৈ চাউল আৰু এটা আমুলৰ পেকেট বিতৰণ কৰি আহিছে।