কোকৰাঝাৰ : কোকৰাঝাৰত আৰক্ষী আৰু ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। আৰক্ষীৰ গুলীত নিহত তিনিজনকৈ ডকাইত। বেংক লুট কৰিবলৈ আহিছিল ডকাইতৰ দলটো। কোকৰাঝাৰৰ ভোটগাঁও কাশিপাৰাস্থিত এলাহাবাদ বেংকত ডকাইতি কৰিবলৈ আহি আৰক্ষীৰ গুলীচালনাত ডকাইত কেইজন নিহত হৈছে।
ভোটগাঁও বজাৰত থকা এলাহাবাদ বেংকত ডকাইত কৰিবলৈ আহি আৰক্ষীৰ গুলীত নিহত হোৱা ডকাইত তিনিজনৰ পৰিচয় অদ্যপি উদ্ধাৰ হোৱা নাই যদিও দুজন ডকাইত গোৱালপাৰাৰ আৰু আন এটা ডকাইত মানকাচাৰৰ বুলি জানিব পৰা গৈছে। আৰক্ষী সুত্ৰ অনুসৰি শনিবাৰে শেষনিশা প্ৰায় ২.৩০ বজাত ভোটগাঁওস্থিত এলাহাবাদ বেংকত ছায়জনকৈ ডকাইতে বেংক ডকাইতি কৰিবলৈ আহে।
আৰক্ষীয়ে বিশেষ সূত্ৰে খবৰ লাভ কৰি ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীৰ দলটোক দেখি ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰাত তিনিজনকৈ ডকাইত গুৰুতৰভাৱে আহত হয় আৰু আৰক্ষীয়ে গুৰুতৰভাৱে আহত হোৱা ডকাইত তিনিজনক কোকৰাঝাৰৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
লগতে পঢ়ক : যুৱতীক ফোন কৰাক কেন্দ্ৰ কৰি জ্বলিছে মানকাচৰ
ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা পিষ্টল, গেছ কাটাৰ, দুটা চিলিণ্ডাৰ আৰু ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা এখন অটো (নং এএচ ১৮ এ চি ১৩৩৬) উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সন্দেহ কৰা মতে ডকাইতৰ দলটোৱে গোৱালপাৰাৰ পৰা অটোৰে আহি এলাহাবাদ বেংকত ডকাইতি কৰাৰ পৰিকল্পনা কৰিছিল