ৰঙিয়াত ৪০ লক্ষাধিক টকা মুল্যৰ আফিং সহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ । কামৰূপ আৰক্ষীয়ে খেদি খেদি বঙাইগাঁওত এখন নাইট চুপাৰ বাছৰ পৰা গ্ৰেপ্তাৰ কৰিলে দুই আফিং সৰবৰাহকাৰীক । গ্ৰেপ্তাৰ হোৱা দুই সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত মুল আফিং সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৰঙিয়াৰ উদিয়ানাৰ কুখ্যাত ড্ৰাগছ মাফিয়া প্ৰদীপ চৌধুৰীক ।
উদ্ধাৰ হৈছে ৬ কেজি ৫৪০ গ্ৰাম আফিং । লগতে উদ্ধাৰ হৈছে নগদ ২ লাখ ১৯ হাজাৰ টকা সহ কেইবাটাও মোবাইল ফোন । আন দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী হৈছে পাঞ্জাৱৰ জলন্ধৰৰ দলবিন্দৰ সিং আৰু ৰঙিয়াৰ পিতাম্বৰ হাটবজালীৰ ইজ্ৰাইল আলী । উল্লেখ্য যে ইয়াৰ পূৰ্বেও ড্ৰাগছ সৰবৰাহত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল কুখ্যাত ড্ৰাগছ মাফিয়া প্ৰদীপ চৌধুৰী ।
সেই সময়চোৱাত ৰঙিয়াৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী আৰু বৰ্তমানৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ সো হাত স্বৰূপ বুলি কথাষাৰ পোহৰলৈ আহিছিল । জেললৈ প্ৰেৰণ কৰাৰ পিছত বিজেপিৰ ফালৰ পৰা প্ৰদীপ চৌধুৰীক দলৰ পৰা বহিষ্কাৰ কৰা বুলি স্পষ্টীকৰণ দিছিল ।

তাৰ পিছত জেলৰ পৰা আহিয়ে পুণৰ নিজকে বিজেপিৰ নেতাসকলৰ অতি ঘনিষ্ঠ বুলি নিজকে পৰিচয় দিয়া প্ৰদীপ চৌধুৰীক ২০২১ চনৰ জুন মাহৰ ১২ তাৰিখে জেল হাজোতলৈ প্ৰেৰণ কৰাৰ সময়ত একাংশই ৰঙিয়া ন্যায়িক দণ্ডাধীশৰ আদালতলৈ নিয়াৰ পথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল ।
জেলৰ পৰা জামিন লাভ কৰাৰ পিছত পুণৰ ৪০ লক্ষাধিক টকা মূল্যৰ আফিংৰ সৈতে গ্ৰেপ্তাৰ হৈছে । কুখ্যাত ড্ৰাগছ, আফিং সৰবৰাহকাৰী প্ৰদীপ চৌধুৰীয়ে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, সাংসদ দিলীপ শইকীয়া, নলবাৰীৰ বিধায়ক তথা ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাৰ লগতে বহু নেতাৰ সৈতে অতি ঘনিষ্ঠ বুলি নিজকে জাহিৰ কৰে । এতিয়া স্থানীয় ৰাইজৰ প্ৰশ্ন , বিজেপিৰ মন্ত্ৰী বিধায়ক তথা নেতা সকলে এতিয়াও মুকলিকৈ কোৱা নাই তেওলোকৰ ঘনিষ্ঠ হয় নে নহয় কুখ্যাত মাফিয়া প্ৰদীপ চৌধুৰী