নিউজ ডেস্কঃ জনপ্ৰিয় টি ভি শ্ব’ মাষ্টাৰচেফ ইণ্ডিয়ালৈ নিৰ্বাচিত হৈ তিনি গৰাকী অসমীয়া। প্ৰতি বছৰে ছনি এন্টাৰটেইনমেন্ট সম্প্ৰচাৰিত এই অনুষ্ঠানটি যোৱা ২ জানুৱাৰীৰ পৰা সম্প্ৰচাৰিত হৈ আছে।
এইবাৰ অসমৰ পৰা নিৰ্বাচিত প্ৰতিযোগী কেইগৰাকী হৈছে ক্ৰমে নাজিয়া চুলতানা, নয়নজ্যোতি শইকীয়া আৰু ছান্টা শৰ্মা। ইয়াৰে ৩৩ বছৰীয়া নাজিয়া চুলতানা গুৱাহাটীৰ আৱাসী।
অনুষ্ঠানটোৰ প্ৰথম খণ্ডত নাজিয়াই তৈয়াৰ কৰা টেঙা জাপানী পেনকেকে ইতিমধ্য়ে বিচাৰক চে’ফসকলৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। আনহাতে, ৰান্ধি ভালপোৱা তিনিচুকীয়াৰ ২৬ বছৰীয়া নয়নজ্য়োতি শইকীয়াৰ আছে নিজা চাহ বাগান। পিতৃৰ সৈতে বাগিচা চোৱাচিতা কৰা নয়নজ্য়োতিয়ে প্ৰথম খণ্ডত ডেজাৰ্ট তৈয়াৰ কৰিছিল।
৩৪ বছৰীয়া ছান্টা শৰ্মা এগৰাকী গৃহিণী। ৮ বছৰৰ বয়সৰ পৰা ৰন্ধাবঢ়া কৰা ছান্টাই তিনিধৰণৰ বিশেষ চুচি তৈয়াৰ কৰি বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। মাষ্টাৰচেফ ইণ্ডিয়াৰ ২০২৩ৰ নতুন ছিজনৰ বিচাৰক হৈছে বিকাশ খান্না, ৰণবীৰ ব্ৰাৰ আৰু গৰিমা অৰোৰা।
লগতে পঢ়ক – পাঠানে লাভ কৰিলে UA প্ৰমাণপ্ৰত্ৰ; চলিল চেঞ্চৰ বৰ্ডৰ কেঁচী