নিউজ ডেস্কঃ কিছুমান চৰকাৰী কৰ্মচাৰীৰ যেন নেজ ডাল কেতিয়াও চিধা নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীক যিমানেই ঘোচ নল’বলৈ কৈ আছে সিমানেই যেন একাংশ অবুজন।
আজি দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই বিশ্বনাথৰ পৰা দুজন আৰু গুৱাহাটীৰ GMC ৰ পৰা এজন ঘোচ লৈ থকাৰ সময়ত হাতে লোতে ধৰা পেলায়।
বিশ্বনাথৰ বাঘমৰা মৌজাৰ ছয় নম্বৰ লাটৰ দায়িত্বত থকা লগন বাচোৱাই ফুল মহম্মদ নামৰ লোকজনক মাটি নামজাৰী কৰি দিয়াৰ বিনিময়ত ৭ হাজাৰ টকা বিচাৰিছিল।
কিন্তু আজি ৭ হাজাৰ টকাৰ এক অংশ হিচাপে ৩ হাজাৰ টকা লোৱাৰ সময়তেই লাট মণ্ডল লগন বাচোৱা দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে।
লাট মণ্ডল লগন বাচোৱা সৈতে সহযোগিতা কৰা ৰাজেশ তাঁতীকো নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে। ৰাজেশ তাঁতীয়ে লাট মণ্ডল লগন বাচোৱাক ঘোচ লোৱাত সহায় কৰিছিল।
ইফালে, গুৱাহাটীৰ GMC ৰ মুখ্য অভিযন্তাই ঘোচ লোৱাৰ সময়তেই হাতে লোতে ধৰা পৰে। মুখ্য অভিযন্তা ইন্দ্ৰজিৎ বৰাই ৪০০০ টকা উৎকোচ লৈ থকাৰ সময়তেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে।
লগতে পঢ়ক – পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ মনীষ চিছোদিয়াক