গুৱাহাটীঃ শুকুৰবাৰে নলবাৰী আৰু কোকৰাঝাৰ জিলাত অসম আৰক্ষীৰ পৃথক পৃথক অভিযানত আৰক্ষীয়ে ৭৬০ কিলোগ্ৰামতকৈও অধিক গাঞ্জা, নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে। অভিযানত আটক কৰিছে তিনিজনকৈ লোক। ইয়াৰে ভিতৰত নলবাৰী জিলাৰ কৈঠালকুছিত আৰক্ষীয়ে আটক কৰিছে দুজনক।
এই সন্দৰ্ভত নলবাৰী আৰক্ষীয়ে টুইট কৰি কয় যে যোৱা ২৪ ঘণ্টাত বেলশৰ আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ নেতৃত্বত চামতাৰ আৰক্ষীথানাৰ এটি দলে কৈঠালকুছি অঞ্চলৰ পৰা দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ পৰা নিট্ৰাজেপাম/ট্ৰামাডল কেপচুলৰ ১৭০টা পেকেট উদ্ধাৰ কৰে।
আনহাতে কোকৰাঝাৰ আৰক্ষীৰ আন এক অভিযানত উদ্ধাৰ ৭৮৬কেজি গাঞ্জা। লগতে এজন গাঞ্জা সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে এখন গাড়ীত অভিযান চলাই উদ্ধাৰ কৰে গাঞ্জাখিনি।