হোজাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। ইতিমধ্যে বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে কেইবাজনো লোক। বনৰীয়া হাতীৰ উপদ্ৰৱ চলি থকাৰ মাজতে এইবাৰ বনাঞ্চলৰ পৰা ওলাই আহিল বন গাহৰি। বন গাহৰিৰ আক্ৰমণত আহত হৈছে এগৰাকী মহিলাসহ তিনিজন লোক।

এই ঘটনা সংঘটিত হৈছে হোজাই জিলাত। হোজাইৰ জামুহন্দল গাঁৱত বনাঞ্চলৰ পৰা ওলাই অহা এটা বন গাহৰিয়ে সন্ত্ৰাসৰ সৃষ্টি কৰে। বন গাহৰিটোৰ আক্ৰমণত এগৰাকী মহিলাসহ গাঁওখনত তিনিজন লোক আহত হয়। পথাৰত কাম কৰি থকা লোক সকলৰ ওপৰত বন গাহৰিটোৱে আক্ৰমণ চলায়।

লগতে পঢ়ক : সোণাৰিত হাতী -মানুহৰ সংঘাত! ঘৰ-দুৱাৰ ভাঙি বিধ্বস্ত কৰে বনৰীয়া হাতীয়ে

বন গাহৰিৰ আক্ৰমণত আহত হয় শ্ৰীৰাম নাথ আৰু মুকুন্দ নাথ নামৰ লোক দুজনৰ লগতে ৰুমী দেৱী নামৰ এগৰাকী মহিলা। এইফালে বন বিভাগক খবৰ দিয়াৰ পিছতো বন বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply