শিলচৰ : শিলচৰত ভয়ংকৰ পথ দুর্ঘটনা। ডাম্পাৰ আৰু আটোৰ মাজত হোৱা সংঘর্ষত নিহত হৈছে তিনিজনকৈ লোক। দুৰ্ঘটনাৰ পিছতে উত্তেজিত ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
দেওবাৰে নিশাৰ ভাগত শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। ময়নাগড়ত শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন ডাম্পাৰ আৰু আটোৰ মাজত হোৱা মুখামুখি সংঘর্ষত তিনিজনকৈ লোক নিহত হয়।
ভয়ংকৰ পথ দুর্ঘটনাটোত দুজন লোক থিতাতে নিহত হোৱাৰ পৰিবৰ্তে এজন লোকৰ চিকিৎসালয়ত মৃত্যু হয়। দুৰ্ঘটনাৰ পিছতে ৰাইজ উত্তেজিত হৈ ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়ক : মহানগৰীত পৰিবহণ বিভাগৰ পথ-সুৰক্ষা অনুষ্ঠান
প্ৰয়া পাঁচ ঘণ্টা ধৰি ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। পথদুৰ্ঘটনাত নিহত হোৱা লোক তিনিজনৰ পৰিচয় এতিয়া জানিব পৰা হোৱা নাই।