যোৰহাট : যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনি মহিলা কৰ্মচাৰীক বৰ্খাস্ত। অনিয়মেৰে নিযুক্তি লাভ কৰাৰ অপৰাধত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে তিনি মহিলা কৰ্মচাৰী।
অজন্তা দত্ত, বিদ্যাৰ্থী বৰা আৰু নৱনীতা বৰঠাকুৰ নামৰ যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মহিলা কৰ্মচাৰীকেইগৰাকীয়ে ২০১৭ চনত অনিয়মেৰে শিক্ষা প্ৰতিষ্ঠানখনত নিযুক্তি লাভ কৰিছিল বুলি এক অভিযোগ উত্থাপনৰ পিছতে বৰ্খাস্ত কৰা হৈছে তিনি মহিলা কৰ্মচাৰী।
লগতে পঢ়ক : মহানগৰীৰ চাঞ্চল্যকৰ অপহৰণকাণ্ডত জড়িত অসম আৰক্ষীৰ লোক
ইয়াৰে অজন্তা দত্ত প্ৰতিষ্ঠানখনৰ অধ্যাপক চন্দ্ৰ চুতীয়াৰ পত্নী। সদৌ অসম ছাত্ৰ সন্থাৰ অভিযোগৰ ভিত্তিত তদন্ত কৰি কৰ্মচাৰীকেইগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।