মাওবাদী কেন্দ্ৰীয় নেতা কাঞ্চন দা ওৰফে অৰুণ কুমাৰ ভট্টাচাৰ্যক গ্ৰেপ্তাৰৰ পিছত ৰাজ্যখনত মাওবাদীৰ কাৰ্যকলাপৰ এটাৰ পিছত আন এটা তথ্য পোহৰলৈ আহিছে। বিশেষ ভাবে বৰাক উপত্যকাৰ বিভিন্ন চাহ বাগিচাত মাওবাদীৰ এক বিশাল নেটৱৰ্ক গঢ়ি উঠিছে ।
দেওবাৰে কৰিমগঞ্জৰ পাথাৰকান্দিৰ সোনাখিৰাৰ পৰা এনআইএ আটক কৰিছে স্বামী-স্ত্ৰীক। ৰাজু ওৰাং আৰু তেওঁৰ পত্নী পিংকি ওৰাঙে ঘৰৰ পৰাই আটক কৰিছে এনআইএৰ এটা দলে ৷ অভিযানৰ সময়ত ৰাজু ওৰাঙৰ বাসগৃহৰ পৰা লেপটপ, ছবি অংকন কৰাৰ পেঞ্চিল, বিভিন্ন বাতৰি কাকতৰ পেপাৰ কাটিং, মেপ, মাওবাদীৰ প্ৰতি আকৃষ্ট কৰিব পৰা বিভিন্ন কিতাপ, দুটা মোবাইলফোনসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিছে । এনআইএ দ্ধাৰা চলোৱা অনুসন্ধানত বহু সময়ত মাওবাদীৰ শীৰ্ষ নেতাই ওৰাং দম্পতীৰ ঘৰত বাহৰ পতাৰ তথ্য লাভ কৰিছিল ।
ইয়াৰ পিছতেই ডিব্ৰুগড় জিলাতো এগৰাকী মাওবাদী সদস্যক আটক কৰিছে আৰক্ষীয়ে। নিয়াৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে ডিব্ৰুগড় আৰক্ষীয়ে নাহৰকটীয়াৰ চাচনীত আটক কৰে সৰস্বতী ওৰাং নামৰ এগৰাকী মাওবাদী সদস্যক আটক কৰিছে৷ আটকাধীন সৰস্বতী শনিচৰা উৰাংৰ কন্যা ঘৰ বৰাক উপত্যকাৰ কাছাৰ জিলাৰ মহালথল পুঞ্জী গাঁৱত বুলি জানিব পৰা গৈছে ৷
নাহৰকটীয়া আৰু জয়পুৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই চাচনীৰ শামুকতোলা গাঁৱৰ পৰা আটক কৰে সদস্য গৰাকীক। চাচনীৰ শামুকতুলা গাঁৱৰ এটা পৰিয়ালত বাহৰ পাতি থকাৰ তথ্য লাভ কৰি আৰক্ষীয়ে উক্ত ঘৰটোৰ পৰা আটক কৰিবলৈ সক্ষম হয় যুৱতী গৰাকীক। যি সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনলৈ শান্তি ঘুৰি অহাৰ বাবে আফস্পা প্ৰত্যাহাৰ কৰিছে তেনে সময়তে এজনৰ পিছত আনজন মাওবাদী সদস্য গ্ৰেপ্তাৰৰ ঘটনাই আকৌ চিন্তিত কৰিছে প্ৰশাসনক।