মানকাচৰ : দক্ষিণ শালমৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত মৈশালডাঙ্গা গাঁৱত একেটা পৰিয়ালৰ তিনিজন লোকৰ দেহত কভিড ধৰা পৰা ঘটনাই সমগ্ৰ জিলাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৈশালডাঙ্গা গাঁৱৰ নুৰ জামাল শেখ এজন নামৰ লোকৰ লগতে তেওঁৰ পত্নী হালিমা খাতুন আৰু কন্যা ৰেণুকা পাৰভিনৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰিছে।
নুৰ জামাল শেখ আৰু তেওঁৰ পত্নী হালিমা খাতুন যোৱা কিছুদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল ফলত ওচৰত থকা গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষাৰ পিছত চিকিৎসকে দুয়োৰে কভিড পৰীক্ষা কৰায় আৰু দুয়োৰে শৰীৰত কোভিড ধৰা পৰে। ইফালে পৰিয়ালটোত থকা আন দুগৰাকী সন্তানক চিকিৎসকে কভিড পৰীক্ষা কৰাত ৯ বছৰীয়া কন্যা সন্তান ৰেণুকা পাৰভিনৰ শৰীৰত কোভিড ধৰা পৰে।
অৱশ্যে পৰিয়ালটোৰ পুত্ৰ সন্তানটিৰ পৰীক্ষাৰ পাছত তেওঁৰ ফলাফল ঋণাত্মক আহে। উল্লেখ্য যে নুৰ জামাল শেখ দৈনিক গাঁওখনৰ একাংশ পুখুৰীৰ পৰা মাছ ক্ৰয় কৰি চুবুৰীয়া ৰাজ্য মেঘালয়ত বিক্ৰী কৰি ঘৰলৈ উভতি আহে। মেঘালয়ৰ পৰা তেওঁ প্ৰথমে আক্ৰান্ত হোৱাৰ পাছত তেওঁৰ পৰিয়ালৰ আন সদস্য কেইজন আক্ৰান্ত হৈছে বুলি মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ ছাদ্রুল হক খন্ধকাৰ জানিবলৈ দিয়ে।