দলীয় দায়িত্বৰ পৰা অব্য়াহতি বিচাৰিলে কংগ্ৰেছৰ তিনি বিধায়কে। বৰাকৰ এক সংবাদ মাধ্যমত এই কথা উল্লেখ কৰিছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰুকায়স্থ আৰু APCC ৰ সদস্য খলিলউদ্দিন মজুমদাৰ লগতে AICC ৰ সদস্য মিজবাউল ইছলাম লস্কৰে।

আভ্যন্তৰীণ সংঘাতৰ বাবে কংগ্ৰেছৰ তিনি বিধায়কে গ্ৰহন কৰিছে এই সিদ্ধান্ত । ভূপেন বৰাৰ ওপৰত অসন্তুষ্ট হোৱাৰ কথাও উল্লেখ কৰিছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰুকায়স্থই । লগতে শিলচৰৰ জিলা কংগ্ৰেছ সভাপতি নিযুক্তিক লৈ অসন্তুষ্ট ৩ নেতা

ইতিমধ্যে তিনি কংগ্ৰেছৰ নেতাই ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰিছে তেওঁলোকৰ পদত্যাগ পত্ৰ। কিন্তু ৰাজ্যিক সভাপতিয়ে এতিয়ালৈ গ্ৰহন কৰা নাই পদত্যাগ পত্ৰ।

বিধায়কৰ এই পদত্যাগে পুনৰ অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত হানিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply