মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়া

আলফাৰ কবলৰ পৰা সেনাই উদ্ধাৰ কৰা দুই অ এন জি চিৰ কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক আজি পুৱা সোণাৰীলৈ আনে আৰক্ষীয়ে ।

নগালেণ্ডৰ মন জিলাৰ টটক চিংনু বস্তিৰ অৰণ্যৰ মাজত সেনা বাহিনী আৰু আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত উদ্ধাৰ হয় মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়া।

পৰৱৰ্তী সময়ত আনগৰাকী কৰ্মচাৰী ৰিতুল শইকীয়াৰ সন্ধানত আসাম ৰাইফলচ আৰু নগালেণ্ড টেৰিটৰিয়েল আৰ্মীয়ে অভিযান চলাই যদিও ব্যৰ্থ হয় সন্ধান উলিওৱাত।

ইপিনে বৃহস্পতিবাৰে দুপৰীয়াৰপৰাই নগালেণ্ডৰ মন জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হোৱা চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দ্বীপজ্যোতি তালুকদাৰ আৰু চক্ৰ পৰিদৰ্শক অনিল মৰাণৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ সঁজাতি দলটোৰ হাতত নিশা বাৰ বজাৰ পাছতহে উদ্ধাৰ হোৱা অ’এনজিচিৰ কৰ্মচাৰী দ্বয়ক চমজাই দিয়ে।

নাগালেণ্ডৰ মন জিলাৰ টট’ক চিংখু বস্তিৰ অৰণ্যৰ মাজত সেনা বাহিনী আৰু আলফা স্বাধীনৰ সৈতে শুকুৰবাৰে নিশা হোৱা সংঘৰ্ষত উদ্ধাৰ হৈছিল মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়া।
আনগৰাকী কৰ্মচাৰী ৰিতুল শইকীয়াৰ সন্ধানত আছাম ৰাইফলছ আৰু নাগালেণ্ড টেৰিটৰিয়েল আৰ্মীয়ে অভিযান চলাই যদিও সন্ধান উলিওৱাত ব্যৰ্থ হয়।

আনহাতে আজি পুৱা চৰাইদেউ জিলাৰ সদৰ সোণাৰিত আহি উপস্থিত হোৱা দুগৰাকী অ’এনজিচিৰ কৰ্মচাৰীয়ে সোণাৰি আৰক্ষী থানাত সংবাদ মেল যোগে বুধবাৰে নিশা সংঘটিত হোৱা সংঘৰ্ষৰ সময়তে ৰিতুল শইকীয়া নিৰুদ্দেশ হয় বুলি মন্তব্য কৰে।

কালি আলফাই এক বিবৃতি দি অপহৃত কেইজনক তেওলোকে এৰি দিয়া বুলি উল্লেখ কৰাৰ বিপৰীতে সেনাৰ অভিযানত উদ্ধাৰ হোৱা দুয়োজনৰ ভাষ্য যে, তেওলোকক লৈ যোৱাৰ সময়তে নিশা ১০/১০.৩০ বজাত প্ৰায় ২/৩ ঘন্টা চলোৱা আক্ৰমনৰ পিছতহে তেওলোক উদ্ধাৰ হয় ।গুলিয়াগুলিৰ সময়ত তেওলোক জোপোহাৰ মাজত আশ্ৰয় লৈছিল , সেই সময়ত ৰিতুল শইকীয়াও তেওলোকৰ লগতে আছিল ।
অপহৰন কৰিবলৈ অহাৰ সময়ত তেওলোক অসমীয়া লৰা বুলি পৰিচয় দিয়াৰ পিছতো পাচজনীয়া দলটোৱে তেওলোকক অপহৰন কৰিছিল ।
সোণাৰীৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা ভাষ্য অনুসৰি এতিয়াও অভিযান চলি আছে , ৰিতুলৰ খবৰ এতিয়ালৈকে লাভ কৰা নাই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply