শিৱসাগৰ: অ’ এ জি চিৰ অপহৃত বিষয়া ৰিতুল শইকীয়া আৰু মোহিনী মোহন গগৈৰ কোৱাটাৰত উপস্থিত হৈ আজি বিয়লি পৰিয়ালক সাক্ষাৎ কৰে অ’এন জি চিৰ কাৰ্যৱাহী সঞ্চালক ওম ভীৰ সিঙে ।
অ’ এন জি চিৰ এ ব্লকৰ ৩০১ আৰু ২৯৮ ত উপস্থিত হৈ ওম ভীৰ সিঙে কৰ্মচাৰী কেইজনক কোনে অপহৰণ কৰিলে এই পৰ্যন্ত কোনো শুং সূত্ৰ লাভ নাই কৰা বুলি উল্লেখ কৰে।লগতে অপহৃত কৰ্মচাৰী কেইজনক মুকলি কৰি আনিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি আশ্বাস দিয়ে।
আনহাতে এটি চাৰিমহীয়া সন্তান থকা ৰিতুল শইকীয়াৰ পত্নী শতাব্দী শইকীয়া আৰু অপহৃত মোহনী মোহন গগৈৰ পত্নী শ্বাস্বতী শইকীয়া গগৈ শোকত ভাগি পৰিছে ।
দুয়োগৰাকীয়েই তেওঁলোকৰ স্বামীক সুস্থ শৰীৰেৰে মুকলি কৰি দিবলৈ কাতৰ অনুৰোধ জনাইছে । পুৱতী নিশা লাকুৱাৰ তৈলখাদৰ পৰা পাঁচ জনকৈ বন্দুকধাৰীয়ে অপহৰণ কৰি লৈ যোৱাৰ পিছত আলফা স্বাধীনে এই কাৰ্য কৰা বুলি প্ৰকাশ হৈছে যদিও সংগঠনটোৰ ফালৰ পৰা কোনো বিবৃতি প্ৰকাশ কৰা নাই ।