যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ নাম লৈ স্থাপন কৰা টোল গেট সমূহ এতিয়া হৈ পৰিছে সাধাৰণ লোকৰ বাবে আতংকৰ কাৰণ৷

নগাঁও জিলাৰ ৰহা আৰু ডবকাত থকা দুয়োখনকৈ টোল গেটৰে সাধাৰণ লোক আহিবলৈ ভয় কৰা হৈছে৷ টোল গেটত নিয়োজিত কৰ্মচাৰীয়ে সাধাৰন লোকক শাৰিৰীক ভাবে আক্ৰমণ কৰি অহাৰ ঘটনা দেখা পোৱা গৈছে৷

বুধবাৰে ৰহা টোল গেটত দৌৰাই দৌৰাই প্ৰহাৰ কৰা হ’ল তিনিজনকৈ লোকক৷ টোল টেক্স আদায় দিয়াৰ বিনিময়ত ৰচিদ বিচৰাৰ বাবে তিনিজনককৈ লোকক মাৰধৰ কৰে৷

নতুন গাড়ী লৈ গুৱাহাটীৰ পৰা নীলবাগানলৈ নিশা আহি থকা অৱস্থাত উক্ত ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, টোল গেটৰ কৰ্মচাৰীৰ আক্ৰমনত আহত হোৱা ব্যক্তি কেইজন ক্ৰমে- মৌলানা ফাৰুক আহমেদ , মোস্তাফা আহমেদ , ৰায়হান আহমেদ৷ ব্যক্তিকেইজনৰ ঘৰ নগাঁও জিলাৰ নীলবাগাৰ মোবাৰকবস্তিত।

তথ্য অনুসৰি, ২২০ টকাৰ টোল টেক্সৰ বিপৰিতে কৰ্তব্যৰত কৰ্মচাৰীয়ে ৰিচিপ দিবলৈ অস্বীকাৰ কৰি যাত্ৰীক শাৰিৰীক ভাবে প্ৰহাৰ কৰে।  

ঘটনাস্হলীত আৰক্ষী উপস্হিত হয় ব্যক্তিকেইজনক উদ্ধাৰ কৰে।  

বৰ্তমান তিনিও জন লোক চিকিৎসাধীন হৈ আছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply