আজি পুৱা বৰপেটাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰতিদিন টাইমৰ এগৰাকী সাংবাদিকসহ আন তিনিজন লোক আহত হয়।
জানিব পৰা মতে, তেওঁলোকে চলাই অহা বাহনখনত তীব্ৰবেগী ডাম্পাৰ এখনে খুন্দা মাৰে।
আনহাতে, আঘাতপ্ৰাপ্ত হোৱা সাংবাদিকগৰাকীৰ নাম নকুল তালুকদাৰ । তেওঁ প্ৰতিদিন টাইমৰ নলবাৰীৰ পৰা সংবাদদাতা ।
প্ৰত্যক্ষদৰ্শীৰ এজনে কয় যে, “মই মৰ্নিং ৱাক কৰিবলৈ আহোতে দেখিলোঁ যে এখন ডাম্পাৰে ৰাস্তাত ৰখাই থোৱা ডাম্পাৰ এখনক অভাৰটেক কৰে আৰু কোনো ব্ৰেক ব্যৱহাৰ নকৰাকৈয়ে গাড়ীখনে বলেৰ’ গাড়ীখনত খুন্দা মাৰে।”
আনহাতে নকুল তালুকদাৰে কয় যে, ‘মই পত্নীৰ খুড়াক বৰপেটাৰ হস্পিতালত ভৰ্তি কৰিবলৈ গৈ থাকোঁতে দেখিলো যে বিপৰীত ফালৰ পৰা দ্ৰুতবেগী ডাম্পাৰ এখন আমাৰ ফালে আহি আছে। ট্ৰাকখনে আন এখন বাহন অভাৰটেক কৰি ভুল ফালে গতি কৰে।
আৰু মই ট্ৰাকখনক বাট দিবলৈ চেষ্টা কৰোতেই আমাৰ গাড়ীখনত খুন্দা মাৰে। ট্ৰাকখনে ব্ৰেক ব্যৱহাৰ কৰিবলৈও চেষ্টা কৰা নাছিল৷
যদিও আমি কোনো ডাঙৰ আঘাত পোৱা নাই তথাপিও আৰক্ষীয়ে এই ট্ৰাকসমূহৰ কিছুমান নিয়ম আৰু গতি সীমা আৰোপ কৰিবলৈ চেষ্টা কৰা উচিত কাৰণ কেইবাটাও দুৰ্ঘটনা বেছিভাগেই ডাম্পাৰ ট্ৰাকৰ দ্বাৰা সংঘটিত হোৱা দেখা যায়।
ট্ৰাকখনৰ চালকজনে পলায়ন কৰিলে অৱশ্যে আন এজন চালকে ট্ৰাকখন লৈ যাবলৈ আহিল যিটো আমি লগে লগে ৰখাই দিলোঁ। কেৱল স্থানীয় লোকৰ বাবেই আমি এতিয়া জীয়াই আছো।
আনহাতে আহত আন দুজন হৈছে ৰবীন্দ্ৰ পাঠক, ফুলমতী পাঠক আৰু মধুৰজ্য পাঠক। লগে লগে তেওঁলোকক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়।
বৰ্তমান তেওঁলোক বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।