ডিফুত ধন সংগ্ৰহ কৰি আটক তিনিজন

গুৰুমুখ সিং, ডিফু: কাৰ্বি আংলং জিলা সদৰ ডিফুত এজন বন কৰ্মী সহ দুজন কাৰ্বি চিকিউৰিটি গাৰ্ডক আৰক্ষীয়ে আটক কৰিছে ৷ আটকাধীন ব্যক্তি কেইজন হ’ল পশ্চিম বন সংমণ্ডৰ বন কৰ্মী মঙ্গল ছিং ক্ৰ আৰু কাৰ্বি চিকিউৰিটি ছাৰ্ভিচ প্ৰাইভেট লিঃ’ৰ দুই ব্লেক কামাণ্ড গৌতম ৰংপি আৰু ছিং ফাংছ’ক ৷

ব্যক্তি কেইজইজনে নিজকে আৰক্ষী বুলি পৰিচয় দি ডিফুৰ অমলাপট্টিত গাড়ী তালাচী কৰি ধন সংগ্ৰহ কৰি আছিল ৷ তেনে অৱস্থাতে ডিফু আৰক্ষীয়ে তিনিও জনকে আটক কৰে ৷ প্ৰৱঞ্চকৰ অভিযোগত তিনিও জনকে আৰক্ষী আটক কৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ডিফু থানাত ২০৫/২০২১ ১২০(বি)/১৭০/১৭১/৪১৯/৩৮৪/৩৪’ৰ ধাৰাত তিনিও জনকে গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক অলিম্পিক পদক বিজয়ী মীৰাবাঈ চানুৱে ট্ৰাক ড্ৰাইভাৰক কিয় বিচাৰি ফুৰিছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply