সোণাৰিত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
নাগালেণ্ডৰ সীমান্তৱৰ্তী নামতোলাৰ হাতীকেম্পত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ তিনিজনক আটক।
নামতোলা আৰক্ষী আৰু চিআৰপিএফৰ ১৪৯ নং বেটেলিয়নৰ যৌথ অভিযানত ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰপৰা উদ্ধাৰ হয় দহটা কণ্টেইনাৰ সহ নিষিদ্ধ ড্ৰাগছ।
আটকাধীন লোককেইজন নামতোলাত হাতীকেম্পৰ দীপক তামাং, সুৰেন্দ্ৰ প্ৰধান আৰু নাগালেণ্ডৰ মন জিলাৰ নামচাৰ পাঙপান।
সম্প্ৰতি তিনিওজনকে নামতোলা আৰক্ষী থানাত সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
লগতে পঢ়ক-আলফা (স্বাধীন) ত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক আটক