নগাঁওঃ নগাঁৱত আটক বহিঃৰাজ্যৰ নকল সোণ ব্যৱসায়ী। চি আৰ পি এফৰ ৩৪ নং বেটেলিয়েন আৰু নগাঁও আৰক্ষীৰ যৌথ অভিযানত উৎখাত কৰে নকল সোণ ব্যৱসায়ী চক্ৰ।
এই অভিযানত নকল সোণৰ বিস্কুটসহ আটক কৰা হয় তিনি জনক। আৰক্ষীয়ে সোণৰ বিস্কুটৰ লগতে এখন সোণৰ নাওঁ জব্দ কৰিছে।
উল্লেখ্য যে, নগাঁৱৰ কাতিমাৰী পথাৰত অভিযান চলাই আটক কৰে নকল সোণ ব্যৱসায়ী কেইটাক। আটকা কৰা ধৃত তিনিজন ক্ৰমে- কেৰালাৰ জিদিন বৰ্গীছ, কাতিমাৰীৰ তাইজুল ইছলাম আৰু শ্বহিদুল ইছলাম।