হোজাই: হোজাইৰ ৰহমত নগৰত নিশা সংঘটিত চাঞ্চল্যকৰ ডকাইতিকাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ডকাইত তিনিটাক৷
ধৃত ডকাইত কেইটাৰ নাম ক্ৰমে ফখৰুল ইছলাম, তজিম উদ্দিন আৰু সেলিম উদ্দিন৷
হোজাই জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ তৎপৰতাত মোৰাঝাৰ আৰক্ষীয়ে হোজাইৰ কৰৈয়নি আৰু চাৰিংপথাৰৰ পৰা ডকাইত তিনিটাক গ্ৰেপ্তাৰ কৰে৷
উল্লেখ্য যে যোৱা ৩০ চেপ্টেম্বৰত মোৰাঝাৰৰ ৰহমত নগৰত পিষ্টল দেখুৱাই কপিল উদ্দিন নামৰ ব্যৱসায়ীজনৰ পৰা ২ লাখ ২০ হাজাৰ টকা লুট কৰি নিছিল দুৰ্বৃত্তই৷
উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে প্ৰথমে ফখৰুল ইছলাম আটক কৰে৷ ফখৰুলৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি নিশা আন দুই ডকাইতক মোৰাঝাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷
ডকাইত কাণ্ডত ব্যৱহাৰ কৰা দুখন মটৰচাইকেল আৰক্ষীয়ে জব্দ কৰে৷
লগতে পঢ়ক- বাঁহ ভৰ্তি ট্ৰাকৰ পৰা ওলাল কাৰ্টুনে কাৰ্টুনে অৰুণাচলী সুৰা