দক্ষিণ শালমাৰা :-দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী শিশুমাৰাত আৰক্ষী আৰু বিএছএফে যৌথ অভিযান চলাই ৯ টা চোৰাং পশুধন সহ তিনিজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে যোৱা নিশা প্ৰায় ১২ বজাত জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক এছ চাংছানৰ নেতৃত্বত খাৰুৱাবান্ধা আৰক্ষীৰ দল এটা ভাৰত-বাংলা সীমান্তৰ শিশুমাৰা এলেকাত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীৰ এই অভিযানৰ ৮ টা পশু ধন জব্দ হোৱাৰ লগতে দুজন গৰু সৰবৰাহকাৰীক আটক কৰি আৰক্ষী চকীলৈ অনা হয়। ৮ টা পশু ধনৰ ভিতৰত ৬ টা মহ আৰু ২ টা গৰু । ধৃত সৰবৰাহকাৰী দুজনক আৰক্ষীয়ে জেৰাৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত সৰ্বৰাহকাৰী দুজনক দক্ষিণ শালমাৰা থানা এলেকাৰ কালাইৰ আলগা প্ৰথম খণ্ড গাঁৱৰ বদিউৰ জামালৰ পুত্ৰ নুৰ আলম পৰামাণিক (৩১) আৰু কালাইৰ আলগা দ্বিতীয় খণ্ড গাঁৱৰ বজলেৰ ৰহমান শেখৰ পুত্ৰ ময়নাল শেখ (৩০) বুলি চিনাক্ত কৰা হৈছে।

ইফালে ভাৰত বাংলাদেশ সীমান্তৰ আছামেৰ আলগা বিএছএফ কেম্প এলেকাৰ পৰাও ৬ নং বিএন বিএছএফে ১ টা গৰু সহ এজন গৰু সৰবৰাহকাৰীক আটক কৰি খাৰুৱাবান্ধা আৰক্ষী চকীত গতাই দিয়ে। ধৃত সৰবৰাহকাৰীটোক দক্ষিণ শালমাৰা থানা এলেকাৰ দয়াৰচৰ গাঁৱৰ আছান আলী শিকদাৰৰ পুত্ৰ নাজিম উদ্দীন শিকদাৰ (২৫) বুলি চিনাক্ত কৰা হৈছে বুলি জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক এছ চাংচানে জানিবলৈ দিয়ে।

ইতিমধ্যে তিনিও জনক কৰি হাটশিঙিমাৰী মহকুমা আদালতত হাজিৰ কৰাৰ পাছত তেওঁলোকক ধুবুৰী জেললৈ প্ৰেৰণ কৰা হৈছে।

মন কৰিবলগীয়া বিষয় এয়া যে কালি জিলা খনৰ ভাৰত বাংলাদেশ সীমান্তৰ পৰা ৪১ নং বেটেলিয়ান বি এছ এফে দুটা পৃথক স্থানৰ পৰা মুঠ ১৮ টা গৰু জব্দ কৰিছে। মহামায়াচৰ ডি কোম্পানীৰ বিএছএফে উন্মক্ত সীমান্তৰ পৰা ১২ টা চোৰাং গৰু জব্দ কৰাৰ লগতে ছালাপাৰা বি এছ এফ কেম্পৰ ই কোম্পানীয়ে ৬ টা গৰু জব্দ কৰি সুখচৰ থানাত জমা কৰিছে বুলি সুখচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাস জানিবলৈ দিছে।

লগতে পঢ়ক- মানকাচৰত বন বিভাগৰ ছত্ৰ-ছায়াতে বিভিন্ন প্ৰান্তত চলিছে বন ধংসলীলা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply