মৰাণ: ভোগালীৰ বিহুৰ আনন্দ উল্লাহৰ মাজতে শনিবাৰে নিশা মৰাণত সংঘটিত হোৱা দুটাকৈ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত তিনি জনকৈ লোকক মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে ।

জে’ললৈ প্ৰেৰণ কৰা লোক কেইজন ক্ৰমে খুমটাই ভাইতি ক’লক হত্যাকাৰী শংকৰ ক’ল আৰু হিংৰীজান টেঙানি লাইনৰ পৰমেশ্বৰ গড়ক হত্যাৰ অভিযোগ উঠা  মহেশ মুণ্ডা (৩৫) আৰু দেৱাৰু মুণ্ডা ।

উল্লেখযোগ্য যে শনিবাৰে একেটা নিশাতে এই দুয়োটা হত্যাকাণ্ড সংঘটিত হৈছিল । ইয়াৰে এটা ঘটনাত খুমটাই বামলাইনৰ ভাইটি ক’ল (৩৫) নামৰ যুৱকজনক দাৰে ঘপিয়াই হত্যা কৰিছিল একে পৰিয়ালৰে ভায়েক শংকৰ ক’ল (২২) নামৰ যুৱকজনে ।

আনটো ঘটনাত হিংৰিজান চাহ বাগিচাৰ মাজটেঙানী লাইনৰ পৰমেশ্বৰ গড় (৩০) নামৰ লোকজনক হত্যা কৰি পেলাই থৈছিল  সমীপৰে অইলৰ খাদৰ এটি নলাত ৷ একে নিশাতে সংঘটিত হোৱা এই দুয়োটা হত্যাকাণ্ডই সমগ্ৰ মৰাণ অঞ্চলত চাঞ্চল্য সৃষ্টি কৰিছিল ।

লগতে পঢ়ক- বোকাখাতৰ বিশিষ্ট লেখক বিজু বৰিলৈ ” ৰাষ্ট্ৰীয় গৌৰৱ বঁটা -২০২২

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply