কিছু দিনৰ আগতে গুৱাহাটীৰ দুই যুৱতী আলফাত যোগদানৰ খবৰ অহাৰ পিছতেই এইবাৰ তিনিচুকীয়া জিলাত আলফা(স্বাঃ)ত যোগদানৰ বাবে যোৱা তিনি যুৱকক আটক। জিলাখনৰ
ব্রহ্মাজানৰ পৰা ৰূপাই বেটেলিয়ানে আটক কৰে যুৱক তিনিজনক। যুৱক তিনিজন ব্রহ্মাজানৰ পৰা জয়ৰামপুৰলৈ গৈ থকা অৱস্থাত আটক কৰে আৰক্ষীয়ে।
আটকাধীন যুৱক তিনিওজনক কিশোৰ মৰাণ, ৰাহুল মৰাণ, বিকাশ বৰা বুলি চিনাক্ত কৰা হৈছে।
আটকাধীন তিনিজনক বৰডুমচা আৰক্ষী থানাত সোধা-পোছা অব্যাহত ৰাখিছে।
আলফাত যোগদান কৰিব যোৱা তিনি যুৱক আটক
আলফাৰ যুদ্ধবিৰতীৰ মাজতে সংগঠনলৈ গৈছে বহু যুৱক যুৱতী
