নিউজ ডেস্কঃ কাৰ্বি আংলং জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত আটক তিনি চোৰাং চিকাৰী। অসম আৰক্ষীয়ে দেওবাৰে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় চোৰাংচিকাৰী কেইটাক।
চিকাৰী কেইটা দীৰ্ঘ দিনৰ পৰা গঁড় হত্যাৰ লগত জড়িত হৈ আছে।
চোৰাং চিকাৰী তিনিজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰৰ বাবে গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে চোৰাং চিকাৰী কেইটাৰ পৰা দুটা একে-৪৭ ৰাইফল, ৩০ ৰাউণ্ড সজীৱ গুলী, গোলাবাৰুদ আৰু অন্যান্য সঁজুলি উদ্ধাৰ কৰে।
ধৃত চিকাৰী কেইটা ৱেলচন টেৰন(৩৪), ডেৰেচাং ৰেংমা(৩৬), আলো ৰেংমা(২৯)।
ৱেলচন টেৰন আৰু ডেৰেচাং ৰেংমা কাৰ্বি আংলঙৰ বাসিন্দা আৰু আলো ৰেংমা নাগালেণ্ডৰ ডিমাপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
আৰু পঢ়কঃশুৱালকুছিৰ শ্ৰীশ্ৰী ঈশ্বৰ হাটী সত্ৰত হিমন্ত বিশ্ব শৰ্মাক ৰাজ্য চলাবলৈ দিলে আৰ্থিক সাহাৰ্য