নিউজ ডেস্কঃ কাজিৰঙাৰ পৰা বৃহস্পতিবাৰে তিনিটা গঁড়ৰ পোৱালী স্থানান্তৰ কৰা হয় অসম ৰাজ্যিক চিৰিয়াখানালৈ। অসম ৰাজ্যিক চিৰিয়াখানাৰ গঁড় সংৰক্ষণ প্ৰজনন কাৰ্যসূচীৰ অধীনত মাতৃহাৰা গড়ঁৰ পোৱালী কেইটা স্থানান্তৰ কা হয়।

উল্লেখ্যযোগ্য যে, ২০১৯-২০২০ বৰ্ষৰ বানৰ সময়ত মাতৃহাৰা গঁড়ৰ পোৱালী কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ তথা পুণৰ সংস্থাপন কেন্দ্ৰ চমুকৈ চিডব্লিউআৰচিয়ে। পৰৱৰ্তী সময়ত কেন্দ্ৰটোত চিকিৎসা তথা পৰিচৰ্যা চলিছিল এই তিনিটা গঁড়ৰ পোৱালীৰ।

চিডব্লিউআৰচিৰ পশু চিকিৎসক চামচুল আলীয়ে জনোৱা অনুসৰি- গঁড় পোৱালী তিনিটাৰ বয়স ২ৰ পৰা ৩ বছৰ। ইয়াৰে এটা মতা আৰু আন দুটা মাইকী গঁড়ৰ পোৱালী। উল্লেখ্য যে ইয়াৰে এটা কঁহৰা বনাঞ্চলৰ গটঙা আৰু আন দুটা ক্ৰমে- বিশ্বনাথ আৰু অগৰাতলীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল চিডব্লিউআৰচি তথা বন বিভাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply