বৃহস্পতিবাৰে বৰপেটাৰোড ৰে’ল ষ্টেচনত বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত PFI আৰু CFIৰ তিনি শীৰ্ষ নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দিল্লীৰ পৰা ৰে’লযোগে অসমত প্ৰৱেশৰ কৰাৰ পিছতে বৰপেটাৰোড ৰে’লৱে ষ্টেচনত অভিযান চলাই PFI আৰু CFIৰ নেতাকেইজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
গ্ৰেপ্তাৰ কৰা CFI আৰু PFI নেতা কেইগৰাকী হ’ল জাহিদুল ইছলাম, জাকিৰ হুছেইন আৰু আবু ছামা ৷ জানিবপৰা মতে CFI নেতা জাহিদুল ইছলামৰ ঘৰ বাক্সাৰ গোৱৰ্ধনাৰ সনবাৰী গাঁৱত। আনহাতে, PFIৰ ৰাজ্যিক সম্পাদক জাকিৰ হুছেইনৰ ঘৰ বাক্সাৰ গোৱৰ্ধনা গাঁৱত আৰু PFIৰ ৰাজ্যিক সভাপতি আবু চামাৰ ঘৰ হ’ল বৰপেটা ৰোডৰ ৯নং ৱাৰ্ডত৷
তথ্যমতে বহিঃৰাজ্যত বাহৰ পাতি অসমৰ দুই শীৰ্ষ PFI আৰু CFI নেতাই চলাই গৈছিল সাংগঠনিক কাম–কাজ৷ অসমৰ পৰা পলাই গৈ দীৰ্ঘদিন দেশৰ ভিন্ন ৰাজ্যত আত্মগোপন কৰি আছিল এই দুই PFI আৰু CFI নেতাই৷ দিল্লীৰ পৰা গোপনে অসমত প্ৰৱেশ কৰা জাকিৰ হুছেইন আৰু জাহিদুল ইছলামক বৰপেটাৰোড ৰে’লৱে ষ্টেচনৰ পৰা গোপন স্থানলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল PFI নেতা আবু ছামাই৷
তিনি শীৰ্ষ নেতাৰ গ্ৰেপ্তাৰক লৈ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত আৰক্ষী অধীক্ষক গৰাকীয়ে উল্লেখ কৰে যে, দীৰ্ঘদিন ধৰি আৰক্ষীয়ে বিচাৰি আছিল এই শীৰ্ষ PFI আৰু CFI নেতাক৷ এই তিনি শীৰ্ষ PFI আৰু CFI নেতাৰ সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ আজি তিনি PFI আৰু CFI নেতাক বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব৷