গুৱাহাটী : মহানগৰী গুৱাহাটীৰ সাতগাঁৱত আহিছে তিনিটাকৈ বনৰীয়া হাতী। শুকুৰবাৰে সাতগাঁৱৰ ৰাজপথত দেখিবলৈ পোৱা যায় বনৰীয়া হাতী তিনিটা। মুক্ত ভাৱে বনৰীয়া হাতী তিনিটা ৰাজপথত বিচৰণ কৰি আছিল।
পুৱাৰ ভাগতে সাতগাঁৱৰ ৰাজপথত মুক্তভাৱে বনৰীয়া হাতী তিনিটা বিচৰণ কৰি থকা দেখি ৰাইজ আতংকিত হৈ পৰে। খাদ্যৰ সন্ধানত বনৰীয়া হাতী তিনিটা আমচাং অভয়াৰণ্যৰ পৰা ওলাই আহে। বনৰীয়া হাতী তিনিটা সাতগাঁৱৰ বিভিন্ন অঞ্চল ঘূৰি ফুৰি ডাষ্টবিনৰ পৰা খাদ্য সামগ্ৰী বিচৰি খাই থকা দেখিবলৈ পোৱা যায়।
লগতে পঢ়ক : বগলী নিধন যজ্ঞৰ ঘটনাৰ তদন্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ
উল্লেখ্য যে আমচাং অভয়াৰণ্যত খাদ্যৰ অভাৱ ঘটাৰ ফলত প্ৰায়ে বনৰীয়া হাতীৰ লগতে অন্য বহু বন্যপ্ৰাণী জনাঞ্চলত প্ৰৱেশ কৰে। পুৱাৰ ভাগতেই অঞ্চলটোৰ ৰাজপথত বনৰীয়া হাতী তিনিটাৰ মুক্ত বিচৰণ দেখি স্থানীয় ৰাইজ শংকিত হৈ পৰে।