গুৱাহাটী : দেওবাৰে মহানগৰীৰ পাণ্ডুত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল চাৰিজনকৈ কিশোৰ। এজন কিশোৰক ৰক্ষা কৰিবলৈ গৈ অন্য তিনিজন কিশোৰ ডুব গৈছিল ব্ৰহ্মপুত্ৰ নদীৰ বুকুত। উদ্ধাৰ অভিযান আৰম্ভ কৰিছে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে।তিনিজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিছে।
ইতিমধ্যে মৃতদেহ উদ্ধাৰ হোৱা কিশোৰ তিনিজন হৈছে অবিনাশ দাস, জিৎ দাস আৰু দয়াল শ্বেখ। বৰ্তমানেও ব্ৰহ্মপুত্ৰ নদীৰ বুকুত সন্ধানহীন হৈ আছে দীপ সৰকাৰ নামৰ কিশোৰজন। এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও আন্ধাৰ হোৱাৰ পিছত উদ্ধাৰ অভিযান বন্ধ কৰা হ’ব।
লগতে পঢ়ক : অসমৰ যাত্ৰা দলসমূহৰ কলা কুশলীৰো দুখ দূৰ্দশাৰ কথা তথা স্বীকৃতি দিবলৈ ৰাজ্য চৰকাৰক আহ্বান
তিনি কিশোৰৰ মৃতদেহ ব্ৰহ্মপুত্ৰ নদীত উদ্ধাৰ হোৱাৰ পিছতে কিশোৰ তিনিজনৰ পৰিয়ালৰ লোক কান্দোনত ভাঙি পৰিছে। দুপৰীয়াৰ ভাগত পাণ্ডু ঘাটত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ চাৰিজন কিশোৰ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ পৰিছে। এজন কিশোৰ ডুব যোৱাত অন্য তিনিজনে কিশোৰজনক উদ্ধাৰ ৰক্ষা কৰিবলৈ গৈ নদীত ডুব গৈছিল।