বাক্সা : বাক্সা জিলাৰ দৰঙামেলা আৰক্ষীৰ এটা দলে এক গোপন খবৰৰ ভিত্তিত শুকুৰবাৰৰ পৰাই ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ সাফল্য লাভ কৰে। দৰঙামেলা অঞ্চলটোত ড্ৰাগছ বিৰোধী অভিযান চলাই আৰক্ষীয়ে ভাৰত-ভূটান সীমান্তৰ শশীপুৰত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ তিনিজন যুৱকক আটক কৰিবলৈ সক্ষম হয়৷

আটকাধীন যুৱক কেইজন হ’ল ক্ৰমে বৰপেটা জিলাৰ বাঝবৰ থানাৰ অন্তৰ্গত চেশ্ৰা গাঁৱৰ জেহিদুল ইছলাম, বাক্সা জিলাৰ তামুলপুৰৰ অন্তৰ্গত গোপীনাথপুৰৰ মনজুৰ আলী, এন কে দৰঙাৰ ৰাজেশ কুমাৰ দাস। আনহাতে ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত আন কেইবাজনো যুবক পলাতক হৈ আছে যদিও এই সন্দৰ্ভত আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে৷

দৰঙামেলা আৰক্ষীয়ে জানিবলৈ দিয়া মতে যুৱক কেইজনে নিচাজাতীয় টেবলেটখিনি ভুটানলৈ সৰবৰাহ কৰিবলৈ চেষ্টা চলাই আছিল। আৰক্ষীয়ে যুৱক কেইজনৰ জিম্মাৰ পৰা ৫৭৫ টা নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়৷ অঞ্চলটোত ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ এটাই দীৰ্ঘদিন ধৰি নিচাজাতীয় সামগ্ৰী ভূটানলৈ সৰবৰাহ কৰি আহিছে।

লগতে পঢ়ক : বাক্সা আৰক্ষী বৃহৎ সাফল্য : পিষ্টলসহ গ্ৰেপ্তাৰ কৰিলে ৫ জনকৈ ডকাইত

বিগত কিছুদিন ধৰি অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি ড্ৰাগছ বিৰোধী অভিযান তীব্রতৰ কৰি তোলাৰ সমান্তৰালে বাক্সা আৰক্ষীয়ে ভাৰত-ভূটান সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে নিচাজাতীয় টেবলেটসহ আটক কৰা যুৱক কেইজনক বাক্সা জিলা ন্যায়িক আদালতলৈ প্ৰেৰন কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply