চীনে অপহৰণ কৰা অৰুণাচলৰ যুৱক ভাৰত চৰকাৰৰ সহযোগত উভতি আহিল যদিও ৰাজ্যখনত অপহৰণৰ ঘটনা বন্ধ হোৱা নাই।

শেহতীয়া তথ্য মতে অৰুণাচলৰ পৰা অপহৰণ হৈছে এজন অসমৰ যুৱক। অৰুণাচল প্ৰদেশৰ লংডিং জিলাত এই অপহৰণ কাণ্ড সংঘটিত হৈছে।

ডিব্ৰুগড়ৰ যুৱক হীৰেন কোচঁক অৰুণাচলত অপহৰণ কৰা বুলি পৰিয়ালৰ ফালৰ পৰা প্ৰকাশ কৰিছে। ডিব্ৰুগড়ৰ যুৱক জনৰ লগতে বিহাৰৰ ৰামাচিশ মহতো আৰু এজন স্থানীয় বাসিন্দা বানফুৱা ৱাংপাঙকো অপহৰণ হোৱাৰ খবৰ।

এই অপহৰণৰ আঁৰত NSCN(K) জড়িতৰ সন্দেহ। ইতিমধ্যে স্থানীয় যুৱক বানফুৱা ৱাংপাঙক মুকলি কৰি দিয়ে যদিও হীৰেন কোচ আৰু বিহাৰৰ লোকজন এতিয়াও অপহৰণকাৰীয়ে মুকলি কৰি দিয়া নাই।

ৰাজ্যখনৰ লংডিং জিলাৰ লংখাও আৰু পুমাও নামৰ গাঁৱৰ পথ নির্মাণত নিয়োজিত আছিল এই লোককেইজন। প্ৰশাসনক NSCN(K)ৰ কবলৰ পৰা উদ্ধাৰ কৰি অনাৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

লগতে পঢ়ক- চোৰাং চিকাৰী তথ্য দিওতালৈ প্ৰতিটোৰ বাবদ দুই লাখ টকা পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply