নিউজ ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত এতিয়া ধাৰাসাৰ বৃষ্টিপাত, বান, ধুমুহাৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, আগন্তুক কিছুদিনৰ বাবে দেশৰ বিভিন্ন স্থানত ধুমুহা আৰু বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

পশ্চিমবংগৰ দক্ষিণ-পশ্চিম ক্ষেত্ৰ আৰু আন্দামানৰ সাগৰীয় এলেকাসমূহত ২-৩ দিনৰ বাবে ধুমুহা, ধাৰাসাৰ বৃষ্টিপাত, বজ্ৰপাতৰ সম্ভাৱনা আছে বুলি জনাইছে বতৰ বিজ্ঞানে।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অসম, অৰুণাচলপ্ৰদেশ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। ইয়াৰ বিপৰীতে বিহাৰ, ঝাৰখণ্ড, ওড়িশ্যাত ধুমুহাৰ তাণ্ডৱ চলাৰ সম্ভাৱনা আছে। কেৰালা, কৰ্ণাটকৰো একাংশ এলেকাত হ’ব পাৰে বৃষ্টিপাত।

ইফালে, অসম আৰু মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আনহাতে, উত্তৰ প্ৰদেশৰ আনবোৰ ৰাজ্যত য়েল্ল এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই।

উল্লেখ্য যে, সোমবাৰৰ দিনটোত উত্তৰ ভাৰতৰ বহু স্থানত তাপমাত্ৰা কিছু হ্ৰাস পাইছিল। দিল্লীত যোৱাকালি ৪২.৪ ডিগ্ৰী চেলচিয়াছ আছিল তাপমাত্ৰা। তাৰ বিপৰীতে দেওবাৰে আছিল ৪৫.৬ ডিগ্ৰী চেলচিয়াছ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply