চিৰাঙ : চিৰাঙত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বজ্ৰ পৰি স্বামী-স্ত্ৰীসহ তিনিজনকৈ লোক নিহত হৈছে চিৰাঙত। ঘটনাত অন্য ছয়জনকৈ লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

চিৰাঙ জিলাৰ বেংতলৰ নটা অন্তাইবাৰীত বজ্ৰ পৰি তিনিজনকৈ লোক নিহত হোৱাৰ লগতে আহত হৈছে ছায়জনকৈ লোক। জানিব পৰা মতে ফুটবল খেল চলি থকাৰ সময়তে পথাৰত বজ্ৰ পৰে ফলত তিনিজন লোক নিহত হোৱাৰ লগতে আহত হয় ছায়জনকৈ লোক।

ফুটবল খেল চলি থকা পথাৰৰ কাষত মানকেশ্বৰ বসুমতাৰী আৰু ৰায়ন্তী বসুমতাৰী নামৰ স্বামী-স্ত্ৰীয়ে পান-তামোলৰ দোকান দিছিল। বজ্ৰ পৰাৰ ফলত মানকেশ্বৰ বসুমতাৰী আৰু ৰায়ন্তী বসুমতাৰীৰ লগতে দিলীপ বসুমতাৰী নামৰ অন্য এজন লোক নিহত হয়।

লগতে পঢ়ক : নিমাতী মাজুলী ফেৰীসেৱা উন্নত হ’বলৈ আৰু ১৫ দিনৰ প্ৰয়োজন হ’ব :মুখ্যমন্ত্ৰী

ইফালে ঘটনাত ছায়জনকৈ লোক আহত হৈছে। আহত লোক সকলক বঙাইগাঁও আৰু চিৰাঙৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অহাত সকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply