দৰং : দৰং জিলাৰ দলগাঁৱত ঢেকীয়াপতিয়া বাঘৰ সন্ত্ৰাস। ঢেকীয়াপতিয়া বাঘৰ আক্ৰমণত আহত হৈছে এজন ছাত্ৰ। আহত ছাত্ৰজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা ঢেকীয়াপতিয়া বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰিছে দৰং জিলাৰ দলগাঁৱত। বিগত ৪ দিন ধৰি ঢেকীয়াপতিয়া বাঘটোৱে দলগাঁৱৰ বিভিন্ন অঞ্চলত মুক্ত বিচৰণ কৰি আতংকৰ সৃষ্টি কৰিছে।
দেওবাৰে ইমৰাণ ফৰহাদ আলী নামৰ এজন ১৪ বছৰীয়া ছাত্ৰক পথাৰলৈ যোৱাৰ সময়ত ঢেকীয়াপতিয়া বাঘটোৱে ছাত্ৰজনক আক্ৰমণ কৰে। ঢেকীয়াপতিয়া বাঘৰ আক্ৰমণত ছাত্ৰজন গুৰুত্বৰভাৱে আহত হয়।
লগতে পঢ়ক : ৫০ বিঘা মাটিৰ কাটি থোৱা ধান জুইত জাহ গ’ল
আহত ছাত্ৰজনক দলগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে ছাত্ৰজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী।চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।