দলগাঁও : বন বিভাগৰ জালত পৰিল ঢেকীয়াপতিয়া বাঘ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা ঢেকীয়াপতিয়া বাঘটো অৱশেষত বন বিভাগৰ জালত পৰিল। দেওবাৰে নিশাৰ ভাগত পিঞ্জৰাবদ্ধ হয় ঢেকীয়াপতিয়া বাঘটো।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ঢেকীয়াপতিয়া বাঘে বিগত কিছুদিন ধৰি সন্ত্ৰস চলাই আছিল অঞ্চলটোৰত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত মুক্ত বিচৰণ কৰি ঢেকীয়াপতিয়া বাঘটোৱে ৰাইজৰ ৰাইজৰ পশুধন খাই সন্ত্ৰাস চলাই আছিল।
ইতিমধ্যে ঢেকীয়াপতিয়া বাঘটোৰ আক্ৰমণত বহু পশুধন নিধন হৈছে অঞ্চলটোত। কেৱল পশুধনেই নহয় ঢেকীয়াপতিয়া বাঘটোৱে আক্ৰমণত চলাইছিল এজন ছাত্ৰকো। ইমৰাণ ফৰহাদ আলী নামৰ এজন ১৪ বছৰীয়া ছাত্ৰ গুৰুত্বৰভাৱে আহত হৈছিল ঢেকীয়াপতিয়া বাঘটোৰ আক্ৰমণত।
লগতে পঢ়ক : নগাঁৱৰ বঢ়মপুৰত হাতী পোৱালিৰ কৰুণ মৃত্যু
বিগত কেইবাদিন ধৰি সন্ত্ৰাস চলাই থকা ঢেকীয়াপতিয়া বাঘটোক আটক কৰিবলৈ বন বিভাগে চেষ্টা চলাই আছিল যদিও সাফল্য লাভ কৰা নাছিল বন বিভাগ। অৱশেষত দেওবাৰে নিশাৰ ভাগত বন বিভাগৰ পিঞ্জৰাত পৰি পিঞ্জৰাবদ্ধ হয় ঢেকীয়াপতিয়া বাঘটো।