প্ৰবীণ বৰুৱা, মঙলদৈ: মঙলদৈৰ কটহগুৰিত দেওবাৰে বাঘৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰে গঞা ৰাইজে। মাকৈ খেতি পথাৰত মুক্ত বিচৰণ কৰে এটা নাহৰফুটুকী বাঘে ৷
স্থানীয় ৰাইজ বাঘৰ মুক্ত বিচৰণৰ ফলত শংকিত হৈ পৰিছে। আৰু বাঘটো দেখাৰ পাছতে বন বিভাগৰ লোকক খবৰ দিয়ে।
উল্লেখ্য যে, কেইদিন মান পূৰ্বে লুহুৰী চৰত ৰাইজে বাঘৰ খোজৰ চিন প্ৰত্যক্ষ কৰাৰ উপৰিও দুটা পশুধন বাঘে আক্ৰমন কৰি নিহত কৰিছিল ৷ অৱশ্যে বৰ্তমানলৈকে বন বিভাগে এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷